Breaking

হোজাইৰ দাঁতিকাষৰীয়া অঞ্চল সমূহত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰব

0 141

ৰাজ্যত কাল ক’ৰণা সংক্ৰমণৰ সমান্তৰালকৈ হোজাই চহৰৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলসমূহৰ বাবে বন্যহস্তীৰ সন্ত্ৰাসে নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীক। খাদ্যৰ সন্ধানত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি এক প্ৰকাৰৰ ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীৰ জাকে। যাৰ বাবে নিশা হোৱাৰ লগে লগে ভয় শংকাত উজাগৰে কটাবলগীয়া হৈছে একাংশ গ্রাম্যঞ্চলৰ লোক সকলে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰব নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে, ঘৰ দোকান ব্যক্তিগত প্ৰতিষ্ঠান কিংবা চৰকাৰী অনুষ্ঠান কতো ৰক্ষা নপৰিল বন্যহস্তীৰ ত্ৰাসৰ পৰা।

নিশা পুণৰ হোজাইৰ দাতিঁকাষৰীয়া কেইবাটা ঘৰত উপদ্ৰব চলায়। নিশা এটা বন্যহস্তীয়ে উত্তৰ কোমোৰাকটা গাওঁৰ মঞ্জু হাচাম ফুৰাৰ পাকঘৰ ভাঙি চাউল খাই তহিলং কৰে।

অন্যহাতে বহৎ এটা হাতীৰ জাকে ঠেপ্লাগুৰি জনজাতি প্ৰাথমিক বিদ্যালয়ৰ দেৱাল ভাঙে যদিও স্থানীয় সকলৰ তৎপৰতাত কোনো বিশেষ ক্ষতি নোহোৱাকৈ খেদি পঠিয়াবলৈ সক্ষম হয়। ইফালে জিতেন ৰয়ৰ ঘৰতো তাণ্ডব চলায়।
খাদ্যৰ খন্ধানত অঞ্চলটোত বন্যহস্তী বোৰে থেপ্লাগুৰি আৰু কোমোৰাকতা অঞ্চলত উৰেনিশা তাণ্ডৱ চলাই খেতি বাৰী বিনষ্ট কৰে।
উল্লেখ যে, বিগত কিছু দিনৰ পৰা বন্যহস্তী বোৰে হোজাইৰ দাতিঁকাষৰিয়া বিভিন্ন অঞ্চলসমূহত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি ত্ৰাসৰ সৃষ্টি কৰিছে, বন্যহস্তীৰ আক্ৰমনত বিগত মাহত এজন লোকৰ মৃত্যু হোৱাৰ লগতে অন্য এজনৰ গুৰুতৰ ভাৱে আহত হৈছে, যাৰ ফলত বিনিদ্ৰ ৰজনীত কটাবলগীয়া হৈছে অঞ্চলবাসী। নিশা বন বিভাগৰ লোক সকলে কিছু কিছু অঞ্চলত পহৰা দিয়া দেখা যায় যদিও বন্যহস্তীক স্থায়ীভাৱে ৰুধিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বন্য হস্তীৰ উপদ্ৰব কমাবলৈ ব্যৰ্থ হোৱা পৰিলক্ষীত হৈছে, যাৰ বাবে ইয়াৰ পৰা পৰিত্রাণ পাবলৈ কাতৰ আহ্বান জনাইছে স্থানীয়। অনাগত দিনসমূহত বিভাগে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে এয়া হ’ব লক্ষনীয়।

Leave A Reply