Breaking

শিমলীতোলাৰ কানকাটাত বন্যহস্তীৰ তাণ্ডৱ…..

0 87

শিমলীতোলাৰ কানকাটাত বন্যহস্তীৰ তাণ্ডৱ ,বন বিভাগৰ উদাসীনতাৰ অভিযোগ তুলি ভুক্তভোগী গঞাৰ প্ৰতিবাদ

খাদ্য সংকটত নিতৌ বনাঞ্চলৰ পৰা জনাঞ্চল পিটপিটাই ফুৰে বন্যহস্তীৰ বৃহৎ জাক এটাই । বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই হাতীয়ে গাঁওসমূহত উপদ্ৰৱ চলোৱাৰ অভিযোগ।সম্প্ৰতি দিনে নিশাই বৃহত্তৰ গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ শিমলীতোলা অঞ্চলৰ ভিন্ন স্থানত অব্যাহত আছে হাতী জাকৰ তাণ্ডৱ ।

হাতীজাকে খেতিৰ আদপক আদপক ধানবোৰ খাই ,গচকি তচনচ কৰাৰ সমান্তৰালকৈ ঘৰ-দুৱাৰৰো যঠেষ্ট ক্ষতি সাধন কৰি আহিছে ,আনকি প্ৰতিবছৰে বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গৈছে একাধিক লোকৰ । আনহাতে হাতী ওলোৱাৰ খৱৰ দিলেও বন বিভাগৰ লোকে গুৰুত্বই নিদিয়া আৰু সঘনাই ফোন কৰিলে মোবাইল চুইচ অফ কৰি থোৱাৰো অভিযোগ উত্থাপন হৈছে ।

বন বিভাগৰ উদাসীনতাৰ বাবে এতিয়া বিমোৰত পৰিছে ৰাইজে ।উপায়ন্তৰ হৈ গঞাই বন বিভাগৰ বিৰুদ্ধে গ্ৰহণ কৰিলে প্ৰতিবাদী পন্থা ।

প্ৰশ্ন হয় ৰাইজৰ এনে প্ৰতিবাদে টোপনি ভাঙিবনে নিদ্ৰামগন বিয়াগোম বন বিভাগৰ ?

Leave A Reply