Breaking

বাক্সাৰ ভূটানখুঁটিত বন্যহস্তীৰ তাণ্ডৱ : তহিলং কৰিলে ঘৰ-দুৱাৰ, খেতি পথাৰ

0 593

ক’ৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ একাংশই বনাঞ্চল ধ্বংস কৰি অহাৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ ফলত উভয় পক্ষৰ সংঘাতত কেতিয়াবা যদি মানুহে প্ৰাণ হেৰুৱাইছে কেতিয়াবা আকৌ প্ৰাণ হেৰুৱাইছে হাতীয়ে ৷ যোৱা নিশা বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী ভূটানখুঁটিত বন্যহস্তীয়ে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি গাৱখনত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰ তহিলং কৰে ৷ নিশা প্ৰায় দুই মান বজাত মুষলধাৰ বৰষুণৰ মাজতে গাৱখনত বনৰীয়া হাতী জাকটোৱে প্ৰৱেশ কৰি ধ্ৰুৱ পৌড়েল আৰু ছবিলাল খৰেল নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ মূল্যৱান আচবাবপত্ৰ নষ্ট কৰাৰ উপৰিও বাৰীত থকা নাৰিকল, তামোল আৰু কলগছকে ধৰি পাচলিৰ খেতি তহিলং কৰে । উল্লেখ্য যে, বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ চলোৱাৰ সময়তে পৰিয়াল দুটাৰ লোক সকলে ঘৰৰ ভিতৰতে শুই আছিল ৷ কোনোমতে ঘৰৰ পৰা বাহিৰ হৈ দৌৰি পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়াল দুটাৰ সদস্য সকলে ৷ এনেদৰেই এতিয়া দিনৰ পিছত দিন বনৰীয়া হাতীৰ আতংকৰ মাজতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ভূটানখুঁটি অঞ্চলৰ ৰাইজে ৷

Leave A Reply