Breaking

ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ

0 2,028

শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাৰ অৰ্ন্তগত ধুলাপাদুং চাহ বাগিছাৰ  ৪ নং শ্রমিক লাইনত যোৱা কালি নিশা এটা বনৰীয়া হাতীয়ে দুটাকৈ ঘৰ ভাঙি তহিলং কৰে। নিশা প্ৰায় ৩ টা মান বজাত  বনৰীয়া হাতীয়ে বাৰজু কালিন্দি আৰু বিজুলী কালিন্দিৰ  বাসগৃহ ভাঙি লণ্ড ভণ্ড কৰে। জানিব পৰা মতে  খাদ্যৰ সন্ধানত ওলাই অহা এটা হাতীয়ে ধুলাপাদুং চাহ বাগিচাত প্ৰবেশ কৰে আৰু প্ৰথমে বাৰজু কালিন্দিৰ ঘৰত উপদ্ৰৱ চলাই বাসগৃহ ভাঙি পেলাই আৰু তলা বন্ধৰ সময়ত প্ৰয়োজন হব পাৰে বুলি ঘৰত মজুত কৰি ৰখা প্ৰায় ৫০কেজি চাউল খাই তহিংল কৰে। ইয়াৰ পিচত হাতীটোৱে পুনৰ স্থানীয় বিজুলী কালিন্দিৰ ঘৰত আক্ৰমণ কৰে। ফলত দুয়োটা বাসগৃহৰ যথেষ্ট ক্ষতিসাধন হয়। অৱশ্যে হাতীৰ আক্ৰমণৰ উমান পাই গৃহস্থই কথমপি পলাই প্ৰাণ ৰক্ষা কৰে। উল্লেখ্য যে অঞ্চলটোত বনৰীয়া হাতীয়ে সঘনে উপদ্ৰৱ চলাই সা সম্পত্তি ধ্বংস কৰাৰ লগতে একাধিক লোকৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে। বন বিভাগে কিন্তু বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা অঞ্চলৰ জনসাধাৰণক সুৰক্ষা দিব নোৱাৰাৰ অভিযোগ উঠিছে।

Leave A Reply