Breaking

ভাৰত-ভূটান সীমান্তত বন্যহস্তীৰ উপদ্ৰৱ

0 1,036

তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীনান্তৰ আঙাৰকাটা নতুন বস্তিত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ৷ খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাই আঙাৰকাটা অঞ্চলত উপদ্ৰৱ চলাই ৭ টাকৈ পৰিয়ালৰ বাসগৃহ,ভড়াল ঘৰ ভাঙি লণ্ড ভণ্ড কৰাৰ লগতে তামোলবাৰী,কলৰ বাগান, পাচলি খেতি খাই ,গচকি তহিলং কৰে ৷ হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা শিশু মহিলা সহ কেবাজনো লোকৰ৷

জানিব পৰা মতে নিশা ৮ মান বজাতে অঞ্চলটোত বনৰীয়া হাতীৰ বৃহৎ জাকটোলে প্ৰবেশ কৰাত বন বিভাগৰ মানুহ আহি হাতীৰ জাক টোক খেদি পঠিয়াই যদিও নিশা ১২ মান বজাত পুনৰ হাতীৰ জাকটো ঘুৰি আহি উপদ্ৰৱ চলায়। হাতীৰ জাক টোত পোৱালি সহ প্ৰায় ১৫০টা অনুমান কৰিছে গাঁৱ খনৰ ৰাইজে ৷

Leave A Reply