Breaking

নগাঁও কঠিয়াতলীৰ কন্দলী আহুতলীত বন্যহস্তীৰ উপদ্ৰৱ…

0 61

নগাঁও কঠিয়াতলীৰ কন্দলী আহুতলীত নিতৌ বন্যহস্তীৰ উপদ্ৰৱ ৷ নিশাটো দূৰৰে কথা দিন দুপৰতে ধাননি পথাৰত ত্ৰাসৰ সৃষ্টি কৰিছে বন্যহস্তীয়ে ৷ কেইদিনমান পূৰ্বে কন্দলী আহুতলীত উদ্ধাৰ হোৱা আহত হাতীটো বন বিভাগে চিকিৎসা প্ৰদান কৰাৰ পাছত এতিয়া নিদ্ৰা হৰিছে ৰাইজৰ ৷ বন্যহস্তীৰ সন্ত্ৰাসত এতিয়া বিনিদ্ৰ ৰজনী কটাব লগা হৈছে গঞাই ৷ শ শ বিঘা শালি ধানৰ খেতি অনিষ্ট কৰিছে কৃষকে ৷ বন বিভাগে বন্যহস্তী প্ৰতিৰোধৰ বাবে জাৰ্তকা লাইন নিৰ্মান কৰিছিল যদিও সেইয়া বৰ্তমান বিকল ৷ যাৰ বাবে কন্দলী পাহাৰৰ পৰা খাদ্য সন্ধানত নামি অহা হাতীৰ জাকটোৱে নিতৌ ত্ৰাসৰ সৃষ্টি কৰিছে কৃষকৰ পথাৰত ৷

উপায়হীন ৰাইজে নিশা হাতী খেদিবলৈ গছৰ ওপৰত টঙী ঘৰ সজাৰ লগতে বিপদ সংকুল ভাৱে বিদ্যুতৰ খুটাতো সাজি লৈছে টঙী ঘৰ ৷ ওৰে নিশা জুই জ্বলাই নিজৰ খেতিডৰা ৰক্ষা কৰাৰো চেষ্টা চলাইছে কৃষক সকলে ৷ কঠিয়াতলী বন বিভাগে আতজবাজী ফুটাই হাতী খেদিবলৈ চেষ্টা চলাইছে যদিও হাতী খেদাত ব্যৰ্থ হয় ৷

Leave A Reply