Breaking

মানকাচৰ কাকৰীপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ…

0 55

মানকাচৰ কাকৰীপাৰাত অব্যাহত আছে বনৰীয়া হাতীৰ তাণ্ডৱ। কালি নিশা বালুৰচৰত চলায় তাণ্ডৱ।মানকাচৰৰ কাকৰীপাৰা বালুৰচৰত বনৰীয়া হাতীৰ জাকে কৃষিভূমি তহিলং কৰি আছে।

কালি ৰাতি ৮-৩০ মান বজাত প্ৰায় ৪০ অৰ পৰা ৫০ টা মান হাতি আহি বালুৰচৰ পাহাৰতলীৰ কৃষিভূমিত নামি এফালৰ পৰা কৃষকৰ ফচল ধ্বংস কৰি আছে।

শ শ ৰাইজে কৃষকৰ ফচল বচোৱাৰ বাবে ফটকা, জুই জ্বলাই আছে যদিও হাতীৰ জাকটোৱে এতিয়াও কাকো কেৰেপ নকৰি কৃষিভূমি এফালৰ পৰা তহিলং কৰি আছে ।

কালি দিনৰ ভাগত কাকৰীপাৰা বৰঝোৰাত হাতিৰ জাকটোৱে নামি আহি সন্ত্ৰাস চলোৱাৰ চেষ্টা চলাইছিল যদিও ৰাইজে সচ্চাৰ ৰূপ লৈ খেদি পঠিয়াই।

এনে অৱস্থাত গঞা ৰাইজে ভয় আৰু আশংকাত ভূগিছে।

Leave A Reply