Breaking

গোৱালপাৰাৰ লক্ষীপুৰত বন্যহস্তীৰ সন্ত্ৰাস,ভাঙি পেলালে আঠটা কৈ পৰিয়ালৰ বাসগৃহ

0 1,060

গোৱালপাৰা জিলাৰ লক্ষীপুৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া গাওঁসমুহত অব্যাহত আছে বন্যবস্তীৰ সন্ত্ৰাস।বন্যহস্তীৰ জাকে বিভিন্ন গাঁৱত এতিয়ালৈ একাধিকবাৰ ভাঙি পেলালে কেবাটাও পৰিয়ালৰ বাসগৃহ । পৰহি নিশাওঁ লক্ষীপুৰ বনাঞ্চলিক কার্যালয়ৰ অধীনৰ মেধিপাৰা প্ৰথম খণ্ড মদকপাৰা গাঁৱত বন্যহস্তীৰ জাঁকে তাণ্ডৱ চলায়।প্ৰায় ৪০ টাকৈ বৃহত বন্যহস্তীৰ জাঁকটোৱে নিশা মেধিপাৰা গাঁৱত সোমাই আঠ টাকৈ পৰিয়ালৰ ঘৰ -বাৰী ভাঙি পেলোৱাৰ লগতে ধান চাউল খাই তহিলং কৰি পেলায়।ফলত এতিয়া সর্বহাৰা হৈ পৰিছে নিৰীহ পৰিয়ালকেইটা।সম্প্ৰতি আশ্ৰয়হীন পৰিয়ালকেইটা এমুঠি আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে।একপ্ৰকাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাহীনতাত দিন পাৰ কৰিব লগীয়া হৈছে শংকিত গাঁৱবাসীয়ে।

ইপিনে বন্যহস্তীৰ জাঁকটোক যথাস্থানত খেদি পঠিওৱাৰ ক্ষেত্রত বন বিভাগে লোৱা নাই যথোচিত পদক্ষেপ।সর্বস্বান্ত এই পৰিয়ালকেইটাই চৰকাৰৰ ওছৰত জনাইছে সহায়ৰ বাবে আবেদন

Leave A Reply