Breaking

বজৰং পুনিয়াই পদ্মশ্ৰী ঘূৰাই ল’বনে…

0 24

বৃহস্পতিবাৰে ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতি নিৰ্বাচিত হয় ব্রিজভূষণ শৰণ সিঙৰ ঘনিষ্ঠ সঞ্জয় সিং৷ দেওবাৰে ক্ৰীড়া মন্ত্ৰালয়ে সঞ্জয় সিংকে ধৰি সকলো নৱনিৰ্বাচিত বিষয়াক নিলম্বন কৰে। অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াই ক্ৰীড়া মন্ত্ৰালয়ে নতুন মল্লযুঁজ সন্থা নিলম্বন কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। দেওবাৰৰ পৰা তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ ডব্লিউ এফ আই নিলম্বন কৰে ক্ৰীড়া মন্ত্ৰালয়ে। মন্ত্ৰালয়ে কয় যে নৱনিৰ্বাচিত সংগঠনটো যেন পূৰ্বৰ বিষয়ববীয়াসকলৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে। এইটো ক্ৰীড়া সংহিতা উলংঘা কৰা হৈছে।

সঞ্জয় সিং সভাপতি নিৰ্বাচিত হোৱাৰ পিছত সাক্ষী মালিকে অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ উপৰিও বজৰং পুনিয়াইও ইয়াৰ প্ৰতিবাদত পদ্মশ্ৰী ঘূৰাই দিছিল। লগতে প্ৰদানমন্ত্ৰী মোদীলৈ এখন চিঠিও লিখিছিল। বজৰং পুনিয়াই কয় যে চৰকাৰে ব্রিজ ভূষণ আৰু তেওঁৰ ঘনিষ্ঠ লোকসকলক মল্লযুঁজৰ পৰা আঁতৰাই ৰাখে যদিহে তেওঁ পদ্মশ্ৰী ঘূৰাই ল’বলৈ সাজু। পুনিয়াই কয়, চৰকাৰে সঠিক সিদ্ধান্ত লৈছিল। বজৰং পুনিয়াই কয়, প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক “দেশদ্ৰোহী” আখ্যা দিয়া সকলোৱে ব্রিজ ভূষণৰ বাবে কাম কৰিছিল। চৰকাৰে আমাক পদ্মশ্ৰী দিলে কাৰণ আমি দেশৰ বাবে ভাল কাম কৰিছিলোঁ। মই মোৰ পদ্মশ্ৰী নিশ্চয় ঘূৰাই লম। আমি দেশৰ বাবে তেজ আৰু ঘাম দিছো।


Leave A Reply