Breaking

দীপিকাৰ বিকিনিৰ ৰং সলনি হ’বনে? চেন্সৰ ব’ৰ্ডে ছবি আৰু গীতৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিয়ে…

0 63

শেহতীয়াকৈ চিবিএফচি পৰীক্ষা সমিতিৰ হাতত প্ৰমাণপত্ৰৰ বাবে ‘পাথান’ ছবিখন উপস্থিত হয়। চিনেমাখন তীক্ষ্ণ দৃষ্টিৰে চোৱা হৈছিল। ২০২৩ চনৰ জানুৱাৰী মাহত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাবলগীয়া ছবিখন।শ্বাহৰুখ খান, দীপিকা পাডুকনৰ আগন্তুক ছবি পাঠানক লৈ সৃষ্টি হৈছে বিতৰ্ক। বিশেষকৈ ইয়াৰ বেশৰাম ৰং নামৰ গীতটোৰ সন্দৰ্ভত, য’ত দীপিকাৰ বিকিনিৰ ৰং এতিয়া বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এতিয়া খবৰ আহিছে যে চিনেমাখনৰ নিৰ্মাতাসকলক চেঞ্চৰ ব’ৰ্ডে কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ চেঞ্চৰ ব’ৰ্ড অৱ ফিল্ম চাৰ্টিফিকেশ্যন (চিবিএফচি)ৰ দ্বাৰা পৰামৰ্শ দিছে।

সংবাদ সংস্থা এএনআইৰ মতে, চিবিএফচিৰ অধ্যক্ষ প্ৰছুন যোশীয়ে কয় যে, “চিবিএফচিয়ে শ্বাহৰুখ খান আৰু দীপিকা পাডুকনৰ আগন্তুক ছবি ‘পাথান’ৰ নিৰ্মাতাসকলক গীতকে ধৰি ছবিখনত কিছু পৰিৱৰ্তন কাৰ্যকৰী কৰি আন এটা সংশোধিত সংস্কৰণ দাখিল কৰিবলৈ পৰামৰ্শ দিছে।”‘

শেহতীয়াকৈ চিবিএফচিৰ পৰীক্ষা সমিতিৰ হাতত প্ৰমাণপত্ৰৰ বাবে এই ছবিখন উপস্থিত হয়। চিনেমাখন তীক্ষ্ণ দৃষ্টিৰে চোৱা হৈছিল। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত নিৰ্মিত ‘পাথান’ ছবিখনতো আছে জন আব্ৰাহাম। ২০২৩ চনৰ জানুৱাৰী মাহত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি পাবলগীয়া ছবিখন।

Leave A Reply