Breaking

আই পি এলৰ পৰা অৱসৰ লোৱাৰ পিছত সেনাবাহিনীত কাৰ্যনিৰ্বাহ কৰিব নেকি ধোনীয়ে, ক’লে পৰৱৰ্তী পৰিকল্পনাৰ বিষয়ে…

0 35

এম এছ ধোনিৰ অৱসৰ পৰিকল্পনাঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক এম এছ ধোনীয়ে কয় যে তেওঁ ক্ৰিকেটৰ পিছত ভাৰতীয় সেনাৰ সৈতে হয়তো সময় কটাব। আই পি এলৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ সেনাবাহিনীত সেৱা আগবঢ়াব ধোনীয়ে। এক অনুষ্ঠানত তেওঁ এই কথা কয় ধোনীয়ে। এজন অনুৰাগীয়ে যেতিয়া তেওঁক ক্ৰিকেটৰ পিছত তেওঁৰ পৰিকল্পনা কি বুলি সোধে তেতিয়া ধোনীয়ে তেওঁক উত্তৰ দিয়ে, ‘এতিয়ালৈকে মই এই বিষয়ে বিশেষ চিন্তা কৰা নাই। মই এতিয়াই ক্ৰিকেট খেলি আছো। ক্ৰিকেটৰ পিছত মই কি কৰিম সেয়াও জানিবলৈ মোৰ বাবে সঁচাকৈয়ে আকৰ্ষণীয় হ’ব। কিন্তু এটা কথা প্ৰায় নিশ্চিত। সেনাবাহিনীৰ লগত আৰু কিছু সময় কটাব বিচাৰিম। কাৰণ যোৱা কেইবছৰমানৰ পৰা এই কামটো কৰিব পৰা নাই।

উল্লেখযোগ্য যে ২০১১ চনত ভাৰতীয় সেনাই এম এছ ধোনীক লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধি প্ৰদান কৰিছিল। পেৰাচুট ৰেজিমেণ্টৰ লেফটেনেণ্ট কৰ্ণেল। যোৱা দশকত তেওঁ বহুবাৰ সেনাৰ সাজ-পোছাক পিন্ধি বিভিন্ন ঠাই ভ্ৰমণ কৰা দেখা গৈছে। ৪২ বছৰ সম্পূৰ্ণ কৰিলে এম এছ ধোনিয়ে। ২০১৯ চনত তেওঁ শেষবাৰৰ বাবে ভাৰতীয় দলৰ জাৰ্চি পিন্ধি ক্ৰিকেট খেলিছিল। অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ আই পি এলত আছে। চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক আৰু যোৱা ছিজনত তেওঁ পুনৰবাৰ নিজৰ দলটোক চেম্পিয়ন কৰি তুলিছিল।

২০২৪ চনৰ আই পি এলতো চেন্নাই দলৰ নেতৃত্ব দিয়া দেখা যাব মহেন্দ্ৰ সিং ধোনীক।


Leave A Reply