Breaking

অনলাইন শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক সফল কৰিব নে ?

0 1,944

✍ জেউতি কলিতা

বৰ্তমান সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ বিধে এক ভয়াৱহ ৰূপ ধাৰণ কৰি আছে আৰু এই সময়ছোৱা আমাৰ বাবে অতিকৈ ভয়াৱহক সময়। যিমানেই যুদ্ধকালীন ব্যৱস্হা গ্ৰহণ কৰা হৈছে সিমানেই নতুনকৈ ভাইৰাছত আক্ৰান্ত হৈছে লাখ লাখ লোক। এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিব‌‌ পৰা একমাত্ৰ উপায় হৈছে সামাজিক দূৰত্ব বজাই ৰখা। বৰ্তমান সময়ত ক’ৰনা আক্ৰান্তৰ সংখ্যা যথেষ্ট হাৰত বৃদ্ধি পাইছে আৰু এইটো নিশ্চিত যে ভৱিষ্যতে আৰু বহু লোক এই মহামাৰীত আক্ৰান্ত হ’ব। কিন্তু আমি অলপ সময়ৰ বাবে ক’ৰনা ভাইৰাছৰ পৰা আঁতৰি আহি এটা কথা ভাবি চাওঁ আহক, যিহেতু দেশৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে এক অনলাইন শিক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু এই শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক সফল কৰিব নে ? ছাত্ৰ-ছাত্ৰী সকল‌ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে, কিয়নো টিভি, কম্পিউটাৰ, স্মাৰ্ট ফোন নথকা শিক্ষাৰ্থীসকল এই অনলাইন শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত হ’ব। এই শিক্ষা ব্যৱস্থাই অধিক ক্ষতিগ্ৰস্ত কৰিব গাওঁ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকল‌ আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থী সকলক। কাৰণ সিহঁতৰ স্মাৰ্ট ফোন অথবা কম্পিউটাৰ থকা মানুহৰ সংখ্যা নিচেই কম। আনহাতে, গাওঁ অঞ্চলবোৰত স্মাৰ্ট ফোন থাকিলেও ইফালে আকৌ নেটৱৰ্কৰ অসুবিধাটোও আছে। যিহেতুকে অনলাইন শিক্ষা ব্যৱস্থাৰ বাবে অতিকৈ প্ৰয়োজনীয় বিষয় বস্তুটো হৈছে ইন্টাৰনেট সেৱা। তেনেস্হলত ভিতৰুৱা অঞ্চল সমূহত মোবাইল সেৱা আজিলৈকে উপলব্ধ হোৱা নাই। যিহেতু বৰ্তমান সময়ত ইন্টাৰনেট যোগে ছাত্ৰ-ছাত্ৰীসকলে পাঠদান কৰি আছে, সেই অঞ্চল সমূহৰ শিক্ষাৰ্থী সকল অনলাইন শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হৈছে।

Leave A Reply