Breaking

আম আদমি পাৰ্টিৰ নেতৃত্ব সলনি হ’ব নেকি ৰাজ্যত । লাজ লাজকৈ “আপ” লৈ যোৱাৰ প্ৰস্তুতি অজিত কুমাৰ ভূঞাৰ!

0 45

এইবাৰ অৰবিন্দ কেজৰিৱালৰে যুতি বান্ধিবলৈ মন মেলিছে সাংসদ অজিত কুমাৰ ভূঞাই। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে কেজৰিৱালৰ আৰু অজিত ভূঞাৰ যুতি। উল্লেখ্য যে সাংসদ ভূঞাৰ কাষৰ আবাসত থাকে আপৰ সাংসদ ৰাঘৱ চাদ্ধ। সেই সূত্ৰে আপৰ সৈতে এটা ঘনিষ্ঠতা গঢ়ি উঠিছিল বুলি অভিযোগ উত্থাপিত হৈছে। পিছে বিজেপিৰ সৈতে আপৰ গোপন সম্পৰ্ক থকা বিৰোধী মিত্ৰজোটলৈ কেজৰিৱালৰ সহাৰি নোপোৱা ইত্যাদি কাৰণত আগুৱাই গৈয়ো কিছু থমকি ৰৈছিল অজিত কুমাৰ ভূঞাই। শেহতীয়াকৈ বিৰোধীৰ “ইণ্ডিয়া” ত কেজৰিৱালৰ উপস্থিতিয়ে যেন দুৱাৰ মুকলি কৰি দিলে ভূঞাৰ। সাংসদ ৰাঘৱ চাদ্দাৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতেই এটা বিশেষ ফোন আহিছিল অজিত কুমাৰ ভূঞালৈ।

সেই বিশেষ ফোনটো আছিল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। সংসদৰ অধিবেশনৰ বিৰতিৰ এটা দিনত ভূঞাক সাক্ষাৎ কৰাৰ প্ৰস্তাবত দুয়ো মিলিত হয়। কেজৰিৱালে ভূঞাক আপত যোগদান কৰিবলৈ প্ৰস্তাৱ দিয়ে বুলি প্ৰচাৰ লাভ কৰিছে। অবশ্যে ভূঞাই বিষয়টো অস্বীকাৰ কৰাৰ সলনি অসমত আপে কিবা এটা নতুন বিচৰা বুলি কৌশলী মন্তব্য কৰে। সাংসদ ভূঞাই পাঞ্জাৱত এখন নতুন মুখে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ কাৰ্যনিৰ্বাহ কৰা থকাৰ প্ৰসংগ টানি আনি কৌশলপূৰ্ণ ভাবে দলটোত যোগদান কৰা নকৰা বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যদিও এক বিশেষ সূত্ৰ মতে অজিত ভূঞাই আপত যোগদান কৰিলে ৰাজ্যিক দলত নেতৃত্ব সলনি হোৱা নিশ্চিত বুলি সদৰি কৰে।

Leave A Reply