Breaking

নতুন চৰকাৰৰ দৃষ্টি পৰিবনে দধিয়াৰ ৰাইজৰ ওপৰত : গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দধিয়া

0 521

গৰাখহনীয়াত ঘৰ ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি  ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ দধিয়াৰ ৰাইজে। বিগত বৰ্ষত পুনৰ সংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু  এজন যুৱকে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল । প্ৰতিবাদ স্থলীলৈ আহিছিল চৰকাৰৰ মন্ত্ৰী বিধায়ক, দল সংগঠনৰ প্ৰতিনিধি। চৰকাৰে কমিটি গঠন কৰি দধিয়া ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বহু মাহ পাৰ হ’ল । ৰাজ্যত নতুন চৰকাৰ গঠন হ’ল । কিন্তু নৈপৰিয়া দধিয়াবাসীৰ কেনে আছে খবৰ ল’বলৈ কাৰোৰে সময় নহ’ল । এতিয়া ধাৰাষাৰ বৰষুণৰ পাছতে মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাই বাঢ়ি অহাত উজাগৰে দিন পাৰ কৰিছে দধিয়াৰ ৰাইজে। ব্ৰক্ষ্মপুত্ৰৰ বালি পলসে সকলো খেটি মাটি নষ্ট কৰাত গাঁও খনৰ ৰাইজৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে । সকলোৱে কেৱল ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি পৰিয়াল ভৰণ পোষণৰ চেষ্টা কৰিছে যদিও বহুতৰ বাবে পৰিয়াল চলোৱাটো কষ্টকৰ হৈ পৰিছে । সমাগত বাৰিষাৰ আগতে দধিয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে। নহ’লে ৰাজপথতে পুনৰ বাস কৰিব লাগিব দধিয়াবাসীয়ে ।‌

Leave A Reply