Breaking

২০২৩ বৰ্ষই কঢ়িয়াই আনিব নেকি বিশ্ববাসীলৈ অশনি সংকেত!

0 81

নৱবৰ্ষলৈ মাজত মাথো কেইটিমান দিন। অহাৰ বাটেৰেই উভতি যাব ২০২২। নতুন বৰ্ষক আদৰাৰ প্ৰকক্ষণত ভবিষ্যতবানী কৰি বিশ্ব বিখ্যাত হোৱা বাবা ভাংগাৰ কথাই নমাই আনিছে বিশ্ববাসীলৈ এক অশনি সংকেত। বাবা ভাংগাই ১২ বছৰ বয়সতেই হেৰুৱাইছিল দৃষ্টি শক্তি। কিন্তু আশ্চৰ্যজনক ভাবে তেওঁ লাভ কৰিছিল এক দিব্য দৃষ্টি। তেওঁৰ মতে ঈশ্বৰে দিছিল তেওঁক দান কৰিছিল এক দৈবশক্তি। তেওঁ কৰা প্ৰায়বোৰ ভবিষ্যতবানীয়েই সত্যত পৰিনত হৈছিল। বাবা ভাংগাৰ ভবিষ্যতবানী মতে আগন্তুক ২০২৩ বৰ্ষত আৰম্ভ হব সৌৰ ধুমুহা। এনে ঘটনাই পৃথিৱীলৈ নমাই আনিব এক ভয়ংকৰ পৰিবেশ। বাবা ভাংগাৰ মতে আৰম্ভ হব পাৰমাণবিক যুদ্ধৰ। একে সময়তে এলিয়েনৰ আক্ৰমন হব বুলি বাবাই ভবিষ্যতবানী কৰিছে।

আনহাতে তেওঁৰ মতে ২০২৩ বৰ্ষত সলনি হব পৃথিৱীৰ কক্ষপথ। যদি বাবা ভেংগাৰ এই ভবিষ্যতবানী সত্য হয় তেনেহলে হয় পৃথিৱী চাপি যাব সূৰ্যৰ কাষলৈ। তেতিয়া সূৰ্যৰ বিকিৰণত জীৱ জন্ত জীয়াই থকাই অসম্ভব হৈ পৰাটো নিশ্চিত। আনহাতে সূৰ্যৰ পৰা যদি পৃথিৱী আতৰি যায় তেতিয়া আৰম্ভ হব বৰফৰ যুগ। জীৱকুলৰ বাবে সেয়াও হৈ পৰিব আন এক বিপদ। বাবা ভাংগাই পৃথিৱীত জৈব অস্ত্ৰৰ পৰীক্ষাত ব্যস্ত হৈ পৰিব মানব জাতি। যি কাৰ্যই নমাই আনিব মৃত্যুৰ বিভিষীকা। বাবা ভাংগাৰ মৃত্যুৰ বহু বছৰ পিছতো তেওঁৰ প্ৰায়বোৰ বানী সত্যত পৰিনত হোৱা ঘটনাই এতিয়া চিন্তিত আৰু শংকিত কৰি তুলিছে বিশ্ববাসীক। উল্লেখযোগ্য যে ১৯১১ চনত বুলগেৰিয়াত জন্ম হৈছিল বাবা ভাংগাৰ। তেওঁৰ সম্পূৰ্ণ নাম আছিল ভাংগেলিয়া পনডেভা গুছতেৰোভা । অন্ধতাক আকোৱালি লোৱাৰ পিছৰে পৰা তেওঁ বাবা ভাংগা হিচাপে জনাজাত হৈ পৰে। এই গৰাকী ব্যক্তিয়ে ১৯৯৬ চনত মৃত্যুক সাবটি লয়। মৃত্যুৰ ২৬ বছৰ পিছতো বাবা ভাংগাৰ ভবিষ্যতবানীয়ে সত্যত পৰিণত হৈ আহিছে।

Leave A Reply