Breaking

চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে…

0 51

কোভিডৰ উৎপত্তিস্থল হিচাবে বহুতে ধাৰণা কৰা চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ১৩ নিযুত জনসংখ্যাৰ গুয়াংঝৌত বিগত ২৪ ঘণ্টাত ২,৫০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।


ফলত লকডাউনৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙে। কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চীনৰ  চৰকাৰে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত পুনৰ লকডাউন ঘোষণা কৰিছে। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। সেয়ে  চীনৰ অৰ্থনীতি সেই ঠাইত পুনৰ লকডাউন জাৰি কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি ধাৰণা কৰা হৈছে। 


গুয়াংঝৌত প্ৰদেশৰ প্ৰশাসনিক  বিষয়াসকলে প্ৰায় ৫,০০,০০০ বাসিন্দাক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ  নিৰ্দেশ দিছে।   কোভিডৰ সংক্ৰমণ ৰুধিবলৈ সেই ঠাইত ৰাজহুৱা পৰিবহন ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি চীনৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদমাধ্যমক জানিবলৈ দিছে। 


গুয়াংঝৌৰ পৰা বেইজিং আৰু অন্যান্য মুখ্য চহৰলৈ চলাচল কৰা সকলো বিমান বাতিল কৰা হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই তেওঁলোকৰ কোভিড নিয়ম শিথিল কৰিছে। অৱশ্যে চীন এতিয়াও এই বিষয়ত  দৃঢ় হৈয়েই আছে। 

Leave A Reply