তেজপুৰত অঘটন । তেজপুৰ কটন ৰোডৰ নামঘৰত যোৱা ২৪, ২৫ আৰু ২৬ জানুৱাৰীত তিনিদিনিয়াকৈ ভাগৱত পাঠ অনুষ্ঠিত হৈছিল । অত্যাধিক শব্দৰে মাইক বজোৱাৰ বাবে দুই যুৱতী পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীয়ে বাধা দিবলৈ গৈ ৰাইজৰ লগত সংঘাটত লিপ্ত হয় । ফলত উমা দাস (৬০) নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় । তেজপুৰ আৰক্ষীয়ে যুৱতীদ্বয় পৰিনীতা বেনাৰ্জী আৰু শ্ৰেয়া বেনাৰ্জীক আটক কৰিছে ।