Breaking

তামাৰহাটত গংগাধৰ নদীৰ ঘাটত পানী আনিবলৈ গৈ মহিলা সন্ধানহীন ! মহিলা গৰাকীক বিচাৰি এছ ডি আৰ এফৰ অভিযান অব্যাহত…

0 26

তামাৰহাটত গংগাধৰ নদীৰ ঘাটত পানী আনিবলৈ গৈ মহিলা সন্ধানহীন । মহিলাক বিচাৰি এছ ডি আৰ এফৰ অভিযান অব্যাহত ।

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপূটলা গাঁৱৰ এগৰাকী মহিলা পানী আনিবলৈ গৈ গংগাধৰ নদীত গৈ পিছলি পৰি সন্ধানহীন হৈ পৰে । জানিব পৰা মতে, তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ বাসিন্দা একাব্বৰ আলীৰ কন্যা ৰূপসী বিবিয়ে যোৱা ৩১ জানুৱাৰীৰ দিনা পানী অনাৰ বাবে ওচৰেৰে বৈ যোৱা গংগাধৰ নদীলৈ যায় ।

বহু সময় ধৰি ৰূপসী বিবি ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নৈ ঘাটলৈ বিচাৰি যায় আৰু তাতে ৰূপসী বিবি নদীত সন্ধানহীন হোৱাৰ কথা পোহৰলৈ আহে । পিছত স্থানীয় লোকে নাওৰ সহায়ত নদীৰ বুকুত ৰূপসী বিবি বিচাৰে যদিও কোনো ধৰণৰ শুংসূত্ৰ উলিয়াব পৰা নাই ।

পিছদিনা পৰিয়ালৰ লোকে তামাৰহাট থানাত ঘটনা সম্পৰ্কে অবগত কৰে । আজি তামাৰহাট থানাৰ আৰক্ষীয়ে এছ ডি আৰ এফৰ সহযোগত গংগাধৰ নদীত অভিযান চলায় যদিও বাতৰি লিখা সময়লৈকে ৰূপসী বিবিৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই । উল্লেখ্য যে সন্ধানহীন হৈ পৰা ৰূপসী বিবিৰ বিবাহ বিচ্ছেদ হোৱা বাবে দুটা সন্তানক লৈ তাই পিতৃ গৃহত বসবাস কৰি আছিল ।

Leave A Reply