জুবিন গাৰ্গৰ কাৰণে চাকৰি কি জীৱন দি দিম মই।জুবিন গাৰ্গক ভালপোৱাটোৱেই ভুল হ’ল নেকি মোৰ? গৃহ ৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াই চাবুৱাৰ বিহু মঞ্চত জুবিন গাৰ্গৰ অনুষ্ঠানত মঞ্চত উঠি জুবিনক সাবটি ধৰাৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত চাকৰিৰ পৰা নিলম্বন হোৱাৰ হৈ নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি এনেদৰে আবেগিক হৈ নিজৰ প্ৰতিক্ৰীয়া প্ৰকাশ কৰি কয় যে, জুবিনে মোক মাতিছিল। মতাৰ লগে লগে মই নিজৰ আৰক্ষী পোছাকৰ থকাৰ পাছতো জুবিনক সাৱতি ধৰিছিলো ক’ব নোৱাৰাকৈ। মই সৰুৰে পৰা জুবিনৰ গান শুনো,জুবিনৰ গান শুনি ডাঙৰ হৈছো।ভাল পাওঁ জুৱিনৰ প্ৰতিটো গান।কাষৰ পৰা লগ পাবৰ মন যায় প্ৰিয় শিল্পী গৰাকীক।সিদিনা জুবিনৰ অনুষ্ঠানৰ দিনা মঞ্চত দায়িত্ব পৰিছিল।ওচৰৰ পৰা প্ৰিয় শিল্পী গৰাকীৰ পৰা কেইবাটাও প্ৰিয় গীত শুনি মই আপ্লুত হৈ পৰিছিলো।জুবিনলৈ চাই থাকোঁতে মোক ওচৰলৈ মাতিছিল জুবিনে।লগে লগে গৈ সাবতি ধৰিলো।সেৱা কৰিলো।
কথা পাতিলো।মোৰ নাম কৈ গীতো গালে জুবিনে। কিন্তু মোৰ সেই মূহুৰ্ত ভিডিঅ’ সংবাদ মাধ্যমে ঘুৰাই ঘুৰাই দেখালে যদিও সম্পূৰ্ণ ভিডিঅ’ নেদেখালে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। প্ৰকৃততে নিলম্বন নহয় যদিও শাস্তি মুলক ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কৈ প্ৰয়োজন হ’লে নিলম্বন কি, জীৱন দিম প্ৰিয় শিল্পী গৰাকীৰ বাবে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।উল্লেখযোগ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক সংস্কাৰ কৰাৰ বাবে বিভিন্ন প্দক্ষেপ গ্ৰহণ কৰি আহিছে । ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী গৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে কোনো আৰক্ষী বিষয়া জোৱানে দায়িত্ব পালন কৰি থকা সময়ত ৰাজহুৱা অনুষ্ঠানত নাচি বা গান গাই সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব। আৰক্ষীৰ পোছাকৰ মৰ্যদা ৰক্ষা কৰিবলৈ এই আহ্বান জনাইছিল মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ বিভাগলৈ । কিন্ত ইয়াৰ মাজতেই যোৱা শনিবাৰে চাবুৱাৰ যুৱ ঐক্য মঞ্চৰ বসন্ত উৎসৱ ২০২৪ ত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠানত দেখা গৈছিল এক ব্যতিক্ৰমী দৃশ্য। সাংস্কৃতিক অনুষ্ঠান চলি থকাৰ মাজতেই এগৰাকী মহিলা গৃহৰক্ষী জোৱানে দায়িত্ব পালন কৰি থকাৰ মাজতেই উঠি গৈছিল মঞ্চলৈ । মঞ্চত জুবিন গাৰ্গক সাৱটি ধৰাৰ লগতে ভৰিত ধৰি সেৱা কৰিছিল । এই দৃশ্য সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমত প্ৰকাশ হৈছিল । এতিয়া আৰক্ষী বিভাগৰ ৰোষত পৰিছে জুবিন গাৰ্গক ভাল পোৱা মহিলা গৃহৰক্ষী জোৱান গৰাকী । জুবিন গাৰ্গক মঞ্চত সাৱটি ধৰাৰ পিছতেই চাকৰিৰ পৰা নিলম্বন হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়া । কালি চাবুৱা আৰক্ষীয়ে বিভাগৰ নিদেৰ্শত নিলম্বন কৰিছে গৃহৰক্ষী জোৱান মিলি প্ৰভা চুতীয়াক ।

