Breaking

বঙালীকুছিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত…

0 52

ৰঙিয়াৰ বঙালীকুছিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু হয় । ৰঙিয়াৰ বঙালীকুছিত শনিবাৰে সন্ধিয়া নলবাৰী অভিমুখী এখন বাইকে খুন্দা মাৰে এগৰাকী পথচাৰী মহিলাক ।


দুৰ্ঘটনাৰ পিছত স্থানীয় লোকে ততালিকে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল এটি উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত সংকটজনক অৱস্থাত মহিলা গৰাকীক চিকিৎসাললৈ প্ৰেৰণ কৰে যদিও মহিলা গৰাকী চিকিৎসালয় পোৱা মাত্ৰকে মৃত্যু হয় ।

জানিব পৰা মতে মহিলা গৰাকী মানসিক ভাবে অসুস্থ আছিল। নাম ঠিকনা এতিয়া লৈকে জানিব পৰা হোৱা নাই। উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ হৈছে AS 01 EW 2641 ।দুৰ্ঘটনা সংঘটিত কৰি বাইক খন প্ৰায় ২০০ মিটাৰ দূৰত এৰি বাইক খনৰ চালকজনে পলায়ন কৰে ।

Leave A Reply