Breaking

বজাৰৰ মাজতে এগৰাকী মহিলাক বিবস্ত্ৰ কৰি নিৰ্মমভাৱে প্ৰহাৰ: নীৰৱ দৰ্শক ৰাইজ, ভিডিঅ’ ভাইৰেল।

0 546

অভয়াপুৰীত মাতব্বৰ এটাই এগৰাকী মহিলাক সকলোৰে সন্মুখত সম্পূৰ্ণ বিবস্ত্ৰ কৰি গুৰলা গুৰুলকৈ প্ৰহাৰ কৰে। মহিলাক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ কৰি গৈছে এজন মাতব্বৰে ৷

এগৰাকী মহিলাক বিবস্ত্ৰ (Woman Stripped Off) কৰি বজাৰৰ মাজত বৰ্ববৰভাৱে প্ৰহাৰ কৰা জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমত। বজাৰৰ মাজত বহু লোকৰ সন্মুখতে মহিলাগৰাকীক এডাল লাঠিৰে নিৰ্মমভাৱে প্ৰহাৰ (Woman Brutally Beaten) কৰি থকা এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱৰ অভয়াপুৰীত। এজন মাতব্বৰে (Matabbar) সকলোৰে সন্মুখত নিষ্ঠু ৰভাৱে মহিলাগৰাকীক প্ৰহাৰ ঘটনাৰ পাছতে ভাইৰেল হৈ পৰে ভিডিঅ’ (Video Viral)।

অভয়াপুৰী (Abhayapuri) আমবাৰী বজাৰত সংঘটিত হয় এই জঘন্য অপৰাধৰ ঘটনা। ভিডিঅ’টোত স্পষ্টকৈ দেখা যায় মাতব্বৰটোৱে মহিলাগৰাকীক বিবস্ত্ৰ কৰি লাঠিৰে নিৰ্মমভাৱে গুৰলা গুৰুলকৈ প্ৰহাৰ কৰাৰ নিৰ্মম দৃশ্য। লজ্জাজনক কথাটো হ’ল,  এই জঘন্য কাণ্ড বজাৰত থকা বহু লোকে দেখিও বাধা দিয়াৰ সাহস নকৰিলে।

চুৰিৰ অভিযোগত মহিলাগৰাকীক খেদি খেদি আনি মাজ বজাৰত বিবস্ত্ৰ কৰি এনেদৰে নৃশংসভাৱে প্ৰহাৰ কৰিলে অভয়াপুৰীৰ কাছাৰিপেটিৰ মুখিয়াল তথা মাতব্বৰ ইছমাইল হুছেইনে। মাতব্বৰটোৰ ঘৰৰ পৰা কিবা সামগ্ৰী চুৰ কৰি অনা বুলি অভিযোগ তুলি খেদি আনি বজাৰৰ মাজত নাঙঠ কৰি নিৰ্মমভাৱে মাৰপিট কৰিলে মহিলাগৰাকীক।

ৰাজহুৱা স্থানতে বিবস্ত্ৰ কৰি মহিলাগৰাকীক প্ৰহাৰ কৰা চাঞ্চল্যকৰ ঘটনায়োৱে সভ্য সমাজক লজ্জানত কৰাই নহয়, এই ঘটনাই জোকাৰি গ’ল সমগ্ৰ অভয়াপুৰী।

এই video viral হোৱাত  অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ নিৰ্দেশত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে। আটকাধীন দুজন কাছাৰপেটিৰ ইছমাইল হুছেইন আৰু আমবাৰীৰ জাহানুদ্দিন প্ৰামাণিক ।

Leave A Reply