Breaking

আজি ৰাজ্যত প্ৰথমবাৰলৈ বাজেট দাখিল কৰিব মহিলা বিত্তমন্ত্ৰীয়ে, অজন্তা নেওগে ৰচিব ইতিহাস।

0 2,064

আজি অসম বিধানসভাত দাখিল কৰা হ’ব ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট (Assam Budget 2021-22)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Cm Himanta Biswa Sarma) চৰকাৰৰ এইখন প্ৰথম বাজেট। কিন্তু এই ববাজেটখনৰ সবাটোকৈ আকৰ্ষণীয় দিশটো হ’ল ৰাজ্যত প্ৰথমবাৰৰ বাবে আজি বাজেট দাখিল কৰিব এগৰাকী মহিলা বিত্তমন্ত্ৰীয়ে। এই অভিলেখৰ গৰাকী হৈছে  বিত্তমন্ত্ৰী অজন্তা নেওগে (Ajanta Neog)।  ৰাজ্যৰ প্ৰথম

ইতিমধ্যে দিন-ৰাতি একাকাৰ কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে প্ৰস্তুত কৰিছে বাজেট। আজি বিয়লি ৩ বজাত সদনৰ মজিয়াত অজন্তা নেওগে বাজেট দাখিল কৰিব।

এইবাৰ বাজেটত মূলত কোৰোণা প্ৰতিৰোধেই হ’ব চৰকাৰৰ মূল বিষয়। কোৰোণা প্ৰতিৰোধৰ বাবে হাস্পতালৰ উন্নয়ন, ভেকচিন সংগ্ৰহ আৰু প্ৰদান, কোৰোণা সৃষ্ট লকডাউন, সান্ধ্য আইন আদিয়ে ভাঙি পেলোৱা অৰ্থনীতিৰ পুনৰুত্থান, আক্ৰান্ত আৰু ক্ষতিগ্ৰস্তসকলৰ বাবে বিশেষ পেকেজৰ ঘোষণাৰ সম্ভাৱনা আছে।

একে সময়তে কৃষি, পশুপালন, দুগ্ধ, মীন পালন আদিকে ধৰি গুৰুত্বপূৰ্ণ অৰ্থনৈতিক খণ্ড আৰু উৎপাদনমুখী উদ্যোগ ক্ষেত্ৰক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা আছে।

গো সুৰক্ষাৰ বিষয়টোৱে ৰাজ্য চৰাকৰৰ সকলো কাম কাজতে অগ্ৰাধিকাৰ পোৱালৈ চাই গো সুৰক্ষাৰ বাবে বিশেয আঁচনি ঘোষণাৰ আশা আছে এই বাজেটত।

আৰক্ষীৰ আধুনিকীকৰণ এইবাৰৰ বাজেটত বিশেষ ভূমিকা লোৱাৰ সম্ভাৱনা আছে। মািক্ৰ’ফািনেন্সৰ ঋণ ৰেহইৰ প্ৰসংগ নিশ্চিতভাবে থাকিব এইবাৰৰ বাজেটত।

আনহাতে শিক্ষাক্ষেত্ৰত ডিজিটেল আৰু অনলাইন ব্।ৱস্থাৰ ব্যাপক পৰয়োজনীয়তা আহি পৰাৰ বাবে শিক্ষা বিভাগৰ বাবে বিশে, চিন্তা চৰ্চা কৰিব পাৰে বাজেটত। ইকিমধ্যে চৰকাৰী বিদ্যালয়ৰ দৰিদ্ৰ শিক্ষাৰ্থীক স্মাৰ্টফোন দিব পৰা যায় নেকি তেনে এক প্ৰস্তাব প্ৰেণ কৰিছিল শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে।

Leave A Reply