Breaking

লামডিঙত নাৰী নিৰ্যাতন বিৰোধী দিৱস পালন

0 2,230

বৃহস্পতিবাৰে হোজাই জিলাৰ অন্তৰ্গত ৰেল নগৰী লামডিঙ চহৰৰ মাজ মজিয়াত থকা D R M কাৰ্যালয়ৰ সন্মুখত নাৰী নিৰ্যাতন বিৰোধী দিৱসৰ আয়োজন কৰা হৈ্ছে। লামডিঙ ৰেলৱে মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ সম্পাদিকা মধুমিতা দে কয় যে নাৰী নিৰ্যাতন বন্ধ হব লাগিব,নাৰীক সন্মান দিব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হোৱাৰ কাৰনেই মজদুৰ ইউনিয়নৰ মহিলা শাখাৰ উদ্যোগত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈ্ছে।নাৰী  নিৰ্যাতন বিৰোধী দিৱস উপলক্ষে হাতত মমবাতি লৈ পদ যাত্রা কৰি নাৰী নিৰ্যাতন বন্ধ হব লাগিব, নাৰীৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ হব লাগিব মজদুৰ ইউনিয়ন জিন্দাবাদ দি ৰাইজৰ মাজত সজাগতামূলক বাৰ্তা প্ৰেৰণ কৰা দেখা গৈ্ছে।আৰু দুপৰীয়াৰ ভাগৰ পৰাই কবিতা, নিত্য নাটক  সমবেত নিত্য আদিকে ধৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈ্ছে।মজদুৰ ইউনিয়নৰ এনেধৰনৰ পদক্ষেপক লামডিঙ বাসী ৰাইজৰ প্ৰশংশনীয় হৈ পৰিছে।

Leave A Reply