Breaking

ৰাষ্ট্ৰপতি মুৰ্মুৰ স্বাক্ষৰঃ আইনত পৰিণত হ’ল মহিলা সংৰক্ষণ বিধেয়ক

0 166

২৭ বছৰীয়া এক দীঘলীয়া পৰিক্ৰমাই যেন পূৰ্ণতা লভিলে। লোকসভা আৰু ৰাজ্যসভা উভয় সদনতে গৃহীত হোৱাৰ পিছত শুকুৰবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পিছতে আইনত পৰিণত হৈ পৰে বিধেয়ক খন। লোকসভাৰ বিশেষ অধিৱেশনত উচ্চ সদন আৰু নিম্ন সদনত বিধেয়কখন গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰাৰ পাছতেই আইনত পৰিণত হ’ল বিশেষ বিধেয়কখন৷

এই নতুন আইনখনে লোকসভা আৰু ৰাজ্যিক বিধানসভাসমূহত মহিলাৰ বাবে ৩৩ শতাংশ সংৰক্ষণ নিশ্চিত কৰিব৷ দেশৰ উপ-ৰাষ্ট্ৰপতি আৰু ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে ৰাষ্ট্ৰপতি মুৰ্মুৰ সন্মতিৰ বাবে প্ৰেৰণ কৰাৰ পূৰ্বে মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে। এই মাহৰ আৰম্ভণিতে সংসদৰ এক বিশেষ অধিৱেশনৰ সময়ত সংবিধান সংশোধনী বিধেয়কখন লোকসভা আৰু ৰাজ্যসভাত সৰ্বসন্মতিৰে গৃহীত হৈছিল। নতুন আইনখন কাৰ্যকৰী হ’বলৈ পৰৱৰ্তী লোকপিয়ল সম্পন্ন হ’ব লাগিব৷

দিল্লীত দীনদয়াল উপাধ্যায়ৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পাছত বিজেপিৰ এক অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে সংসদত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত হোৱাটো কেৱল গণতন্ত্ৰৰ বাবেই নহয়, দলটোৰ আদৰ্শৰ বাবেও এক জয়। উল্লেখ্য উল্লেখ্য কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন সংসদ ভৱনত লোকসভাৰ প্ৰথম বৈঠকতে বিধেয়কখন উত্থাপন কৰিছিল।

উল্লেখ্য যোৱা ২৭ বছৰ ধৰি মহিলা সংৰক্ষণ বিধেয়কখনকলৈ সংসদৰ দুয়োখন সদনতে আলোচনা হৈ আহিছে। কিন্তু চৰকাৰ গঠন কৰা দলৰ কোনো এখন সদনত সংখ্যাগৰিষ্ঠতা নথকাৰ বাবেই ২৭ টা বছৰে বিধেয়ক খন গৃহীত কৰিব পৰা হোৱা নাছিল৷ ১৯৯৬ চনত এইচ.ডি. দেৱগৌড়াৰ নেতৃত্বত ইউনাইটেড ফ্ৰণ্ট চৰকাৰে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰিছিল ।সেই সময়ৰে পৰাই মহিলা সাংসদ আৰু বিধায়িকাসকলৰ বাবে ৩৩ শতাংশ সংৰক্ষণৰ দাবী উঠিছিল।

কিন্তু এই বিধেয়কখন খন গৃহীত হোৱাৰ পূৰ্বেই দেৱগৌড়াৰ চৰকাৰ ভংগ হৈছিল। পিছত অটল বিহাৰী বাজপেয়ী চৰকাৰৰ সময়ত বিষয়টো পুনৰ উত্থাপন কৰা হৈছিল৷ কিন্তু সেইবাৰো বিধেয়কখন গৃহীত কৰিব পৰা নগ’ল। মনমোহন সিং চৰকাৰে প্ৰথমবাৰৰ বাবে ২০১০ চনত ৰাজ্যসভাত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিছিল।

অৱশ্যে লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱৰ বাবে বিধেয়কখন স্থগিত হৈ পৰে। অৱশেষত বুধবাৰে বিধেয়ক খন লোকসভাত অতি সহজে গৃহীত হয় । উল্লেখ্য ২০১৯ চনৰ লোকসভা নিৰ্বাচনত, সংসদত মাত্ৰ ৭৮ গৰাকী মহিলা সাংসদ আছিল। ৰাজ্যসভাৰ ২৫০গৰাকী সাংসদৰ ভিতৰত মাত্ৰ ৩২ গৰাকী মহিলা সাংসদ আছিল , সেয়া আছিল মুঠ সাংসদৰ ১১ শতাংশ। একেদৰে মোদী মন্ত্ৰীসভাত আছে মাত্ৰ ৫ শতাংশ মহিলা।

অৱশ্যে, নিৰ্বাচন আয়োগৰ ২০১৯ চনৰ তথ্য অনুসৰি ভাৰতৰ মুঠ ৯১ কোটি ভোটাৰৰ ভিতৰত প্ৰায় ৪৪ কোটি মহিলা ভোটাৰ আছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনত,৬৭.০২ শতাংশ পুৰুষ আৰু ৬৭.১৮ শতাংশ মহিলাই ভোটদান কৰিছিল। তামিলনাডু, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু গোৱাকে ধৰি ১২ খন ৰাজ্যত মহিলা ভোটাৰে অধিক ভোটদান কৰিছিল। বিহাৰ, উৰিষ্যা আৰু কৰ্ণাটকত পুৰুষ-মহিলা উভয়ৰে ভোট প্ৰায় সমান আছিল। এই ১২ খন ৰাজ্যত প্ৰায় ২০০ খন লোকসভা আসন আছে।

Leave A Reply