Breaking

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত Innovative Ecosystem in Academic Institution” শীৰ্ষক দুদিনীয়া কৰ্মশালা

0 50

উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ Technology Enabling Centre ৰে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সহযোগত “Innovative Ecosystem in Academic Institution” শীৰ্ষক দুদিনীয়া কৰ্মশালা অনুষ্ঠিত হয় । উক্ত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট বিজ্ঞানী ড৹ প্ৰদীপ শইকীয়া, তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড৹ উৎপল বৰা, তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ সহকাৰী অধ্যাপক ড ৹ নবীন শৰ্মা, Yantrabot Technologies Pvt. Ltd. ৰ প্ৰতিষ্ঠাপক অৰুণজ্যোতি বৰগোহাঁই আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন জৈৱিক চাহ খেতিয়ক গোবিন হাজৰিকা।

কৰ্মশালাখনে শিক্ষানুষ্ঠান এখনত প্ৰয়োগিক শিক্ষাৰ আৰু অভিনৱ সৃজনশীলতাৰ প্ৰসাৰৰ ওপৰত আলোকপাত কৰে। চিলাপথাৰ মহাবিদ্যালয়, পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড৹ দিলীপ শইকীয়াৰ নেতৃত্বত মহাবিদ্যালয়খনৰ ছাত্ৰ প্ৰাঞ্জল কৰ্মকাৰ, লক্ষীন্দ্ৰ বৰপাত্ৰগোঁহাই, মুকেশ যাদৱ, সত্যজিত চুতীয়া, হেমন্ত নেৱাৰ আৰু নিবাৰণ কুম্বাং ৰ ছজনীয়া দলটোৱে অভিনৱ বুদ্ধিৰ প্ৰতিযোগিতাত ৯ টা দলৰ ভিতৰত প্ৰথম পুৰস্কাৰ বুটলি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই আনিৱলৈ সক্ষম হয়।

Leave A Reply