Breaking

দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা

0 186

দদৰাস্থিত ৰূপজ্যোতি সংঘৰ উদ্যোগত ২৫ মার্চৰ পৰা ৪ এপ্রিল, ২০২৩ লৈ দদৰা গোপালথান স্কুল প্রাঙ্গণত বিহু নাচ আৰু ঢোল বাদনৰ কর্মশালা আয়োজন কৰিছে৷

শনিবাৰে কর্মশালাৰ শুভ আৰম্ভণি হয়।

আৰম্ভণিৰ দিনটোত বিহু নাচৰ প্রশিক্ষণ দিয়ে- বিহু কুঁৱৰী, বিহুৰাণী খ্যাত তৃপ্তি ৰাণী কলিতা দাসে আৰু ঢোল বাদনৰ প্রশিক্ষণ দিয়ে বিখ্যাত তুলসী ওজাৰ শিষ্য মিন্টু কলিতাই৷

প্রশিক্ষক মিন্টু কলিতা আৰু তৃপ্তি ৰাণী কলিতা দাসক সভাত ৰূপজ্যোতি সংঘৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হ্য়৷

লগতে কামৰূপ জিলাৰ ছাত্রসন্থাৰ প্রাক্তন সভাপতি দিবাকৰ কলিতাকো সম্ভর্ধনা জনাই ৰূপজ্যোতি সংঘই।

উদ্যোক্তা সকলে আগন্তুক দিনকেইটাত ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

Leave A Reply