Breaking

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ‍্যোগত বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা, সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ৰঙালী বিহু উৎসৱে…

0 18

বসন্তৰ পৰশ আৰু প্ৰকৃতিৰ মনোমোহা প্ৰতিশ্ৰুতিৰে চেনেহীৰ উগুল-থুগুল মনত অসমী আইৰ বুকুত উৎসৱৰ মধুৰ আলোড়ন তুলি জাতিটোৰ স্বাভিমানক গৰ্বিত কৰি মহাসম্বন্বয়ৰ গীত জুৰিবলৈ বিগত বৰ্ষ সমূহৰ দৰে এইবেলিও কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰে শুকুৰবাৰে পৰা ১০ দিনীয়াকৈ কলিয়াবৰৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰিছে। য’ত অভিজ্ঞ ঢুলীয়া-বিহুৱা প্ৰশিক্ষকে শিকাইছে বিহু নাচৰ লগতে ঢোল বাদনৰ কলা।


কলিয়াবৰত একেৰাহে কেইবাবাৰো বিহু কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশ লৈ যথেষ্ট সুখী অনুভৱ কৰাৰ লগতে নৱ-প্ৰজন্মৰ বিহুৰ প্ৰতি ধিউতি দেখি সন্তুষ্টি প্ৰকাশ কৰিছে কৰ্মশালাটোৰ মুখ্য প্ৰশিক্ষক প্ৰাণজিৎ চেলেং। অসমৰ বিহুত কলিয়াবৰৰ ঐতিহাসিক স্থিতিৰ প্ৰতি কলিয়াবৰীয়া ৰাইজে সন্মান প্ৰদৰ্শন কৰি বিহুৰ স্বকীয় মৰ্যাদা অক্ষুণ্ণ ৰাখিব বুলিও আশা প্ৰকাশ কৰে প্ৰশিক্ষকগৰাকীয়ে। কলিয়াবৰত এক মানদণ্ডৰ বিহু দল গঠন কৰাৰ ক্ষেত্ৰত আগ-ভাগ লৈ নৱ-প্ৰজন্মক আগুৱাই নিয়াত প্ৰয়োজনীয় সহযোগ আগবঢ়াব বুলি প্ৰতিশ্ৰুতিও দিয়ে।


আনহাতে, ১৯৭৪ চনতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই আৰম্ভ কৰা বিহু উৎসৱে এইবেলি ৫০ বছৰ সম্পূৰ্ণ কৰিলে। সেই উদ্দেশ্যে অহা পহিলা বহাগত পূৰ্বৰ দৰে আয়োজন কৰা ৰঙালী বিহু উৎসৱৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই। শিল্পী সম্বৰ্দ্ধনা, বিহু কৰ্মশালাৰ শিক্ষাৰ্থীৰ বিহু নাচ প্ৰদৰ্শন, আমন্ত্ৰিত বিহু দল আৰু লোকবাদ্য আৰু নৃত্য দলৰ অনুষ্ঠান প্ৰদৰ্শন কৰে ধৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী বৰ্ষৰ বাবে প্ৰস্তুতি চলাইছে।

Leave A Reply