টীয়কত বিশ্ব বাইচাইকেল দিৱস উদয়াপন

বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।টীয়কৰ স্পীনাৰচ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ  ১৪ কিমি পথ কভিড বিধি মানি চাইকেল চলোৱাৰ উপকাৰীতা সন্দৰ্ভত তথা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে ল’ব লগা সাৱধানতা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে পুৱাই চাইকেল চলাই এই দিৱস পালন কৰে। কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপন কৰা হয় । কভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে স্পীনাৰচ ক্লাৱে ।

Related Articles