Breaking

দিল্লীত বিশ্ব গ্ৰন্থমেলা ২০২৩ :গ্ৰন্থৰ সুবাসেৰে আমোলমলাব দেশৰ ৰাজধানী চহৰ

0 134

গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল খবৰ । বহু প্ৰতীক্ষিত বিশ্ব গ্ৰন্থমেলা ২০২৩ অৱশেষত নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভাৰতৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰিব ২৫ ফেব্ৰুৱাৰীত। নতুন দিল্লীৰ প্ৰগতি ময়দানত আবেলি ৩ বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ’ব। এইবেলি বিশ্ব গ্ৰন্থ মেলাৰ আৰু অতিথি ৰাষ্ট্ৰ হ’ব ফ্ৰান্স। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এই বছৰ নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বিষয়বস্তু হ’ব ‘আজাদী কা অমৃত মহোৎসৱ’। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা কেৱল কিতাপতে সীমাবদ্ধ নাথাকিব, কিন্তু লগতে আন বহু কিবাকিবিও থাকিব। গ্ৰন্থমেলাত সাংস্কৃতিক কাৰ্যসূচী, সেনা আৰু পুলিচ বেণ্ডৰ প্ৰদৰ্শন, টক শ্ব’ আৰু লোক সাংস্কৃতিক প্ৰদৰ্শন আদিও থাকিব। এন.আই.ডি. আহমেদাবাদৰ দ্বাৰা বিশেষভাৱে ডিজাইন কৰা পেভিলিয়নত ভাৰতৰ ডিজিটেল প্ৰদৰ্শনীত ১০০ৰো অধিক প্ৰকাশকৰ সৈতে সকলো মুখ্য ভাৰতীয় ভাষা আৰু ইংৰাজীত ভাষাত স্বাধীনতা সংগ্ৰামী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ত ৭৫০ ৰো অধিক বিষয়ৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

গ্ৰন্থমেলাত ফৰাচী প্ৰতিনিধিদলৰ সৈতে দৰ্শকে বাৰ্তালাপ কৰাৰ এক অনন্য সুযোগ লাভ কৰিব। ইয়াত লেখক, প্ৰকাশক, সাহিত্যিক এজেণ্ট, সাংস্কৃতিক প্ৰতিনিধিৰ বাৰ্তালাপৰ লগতে বিদেশী পেভিলিয়নত অসংখ্য কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ দ্বাৰা ১০০০ বৰ্গ মিটাৰ জুৰি এক বিশেষ এনইপি ২০২০ পেভিলিয়ন ডিজাইন কৰা হৈছে, য’ত এড-টেক জোন, এটা ইভেণ্ট জোন, আৰু এটা প্ৰেজেণ্টেচন এলেকা থাকিব। শিশু সাহিত্যৰ প্ৰচাৰৰ বাবে স্কিট, নাটক, বাটৰ নাট, কাহিনী কোৱা , কৰ্মশালা আৰু পেনেল আলোচনা এই পেভিলিয়নত আয়োজন কৰা হ’ব। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বাবে প্ৰৱেশ মাচুল বিদ্যালয়ৰ শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে সক্ষম সকলৰ বাবে ‘বিনামূলীয়া’ হ’ব। অৱশ্যে, নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাৰ টিকটৰ মূল্য ১০ টকা (শিশুৰ বাবে) আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ২০ টকা।

Leave A Reply