Breaking

অহা আঠৰ পৰা ৱ’ল্ড চেম্পিয়নশ্বিপ অব লিজেণ্ডছ! ক্ৰিকেট, গেইল, যুৱৰাজ, পিটাৰছেন, আফ্ৰিদী, হৰভজনৰ অংশগ্ৰহণ…

0 1,449

অহা আঠৰ পৰা ১৯ মাৰ্চলৈ শ্ৰীলংকাৰ কেণ্ডীৰ পাল্লাকেলে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৱ’ল্ডৰ্ চেম্পিয়নশ্বিপ অব লিজেণ্ডছ ক্ৰিকেট প্ৰতিযোগিতা৷ এইবাৰ প্ৰতিযোগিতাত অংশ ল’ব ৱেষ্ট ইণ্ডিজৰ ক্ৰিছ গেইল, ইংলণ্ডৰ কেভিন পিটাৰচেন, পাকিস্তানৰ শ্বাহিদ আফ্ৰিদি, ভাৰতৰ যুৱৰাজ সিং তথা হৰভজন সিং আদিৰ দৰে কিংবদন্তি খেলুৱৈসকলে৷ প্ৰতিযোগিতাখনৰ সকলো খেল বিশ্বজুৰি সম্প্ৰচাৰ কৰিব ষ্টাৰ স্প’ৰ্টছে৷ আনহাতে, অগ্ৰণী ক্ৰীড়া প্ৰতিষ্ঠান টয়ম স্প’ৰ্টছ লিমিটেডো ডব্লিউ চি এলৰ সৈতে নিজৰ অংশীদাৰিত্ব আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে৷ মুঠ ১২ দিন ধৰি চলিব লগা প্ৰতিযোগিতাখনত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে এইবাৰ চেম্পিয়ন ট্ৰফীৰ বাবে বিশ্বৰ তাৰকা ক্ৰিকেটাৰৰে গঠিত সাতটা দলে যুঁজ দিব৷ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত টীম ইণ্ডিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে কয় ‘ক্ৰিকেট খেলপথাৰত মোৰ আবেগক পুনৰ জগাই তুলিবলৈ তথা মোৰ চমক পুনৰবাৰ প্ৰদৰ্শন কৰিবলৈ পাই মই ৰোমাঞ্চিত হৈছো৷ আমাৰ প্ৰাক্তন খেলুৱৈসকলৰ বাবে এয়া এক অন্যন সুযোগ৷ আমি অনুৰাগীক ৰোমাঞ্চিত কৰিবলৈ সাজু হৈছো৷ ইফালে, ইংলণ্ডৰ তাৰকা পিটাৰচেনে কয়, ‘টয়ম স্পৰ্টছ লিমিটেডৰ জড়িয়তে ডব্লিউ চি এলত যোগ দি মই সন্মানিত হৈছো৷ ক্ৰিকেটৰ প্ৰতি থকা চিৰস্থায়ী আবেগ প্ৰদৰ্শন কৰাৰ লগতে বিশ্বজুৰি অনুৰাগীসকলৰ বাবে এক অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ ক্ষেত্ৰত সহযোগী কিংবদন্তিসকলৰ সৈতে সহযোগিতা কৰাৰ এয়া এক ৰোমাঞ্চকৰ সুযোগ৷’

টি এছ এলৰ অধ্যক্ষ মহমেদালী বুধৱানীয়ে বিশ্ব ক্ৰিকেটাৰৰ অংশগ্ৰহণে ডব্লিউ চি এলৰ আকৰ্ষন বৃদ্ধি কৰাৰ বিষয়ে অবগত কৰে৷ ইফালে, বলীউডৰ চলচ্ছিত্ৰ আৰু সংগীত নিৰ্মাণৰ ক্ষেত্ৰত দক্ষতাৰ বাবে বিখ্যাত জাবাৱা এণ্টাৰটেইনমেণ্টৰ যোগেদি বলীউডৰ ছুপাৰষ্টাৰ অজয় দেৱগনে ডব্লিউ চি এলৰ প্ৰচাৰত অংশ ল’ব বুলি কোম্পানীৰ সঞ্চালক হৰ্ষিত টোমাৰে ব্যক্ত কৰে৷ ইফালে, চলিত বৰ্ষৰে তিনিৰ পৰা ১৩ জুলাইলৈ আমেৰিকাত ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ সমৰ্থনত অনুষ্ঠিত হ’ব বিশ্ব চেম্পিয়নশ্বিপ অৱ লিজেণ্ডছ-২০২৪৷

Leave A Reply