Breaking

প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসম আৰু বৰলুইতৰ উদ্যোগত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন; প্ৰতিবন্ধী দিৱসৰ দিনাই চৰকাৰলৈ হুংকাৰ

0 57

আজি বিশ্ব প্ৰতিবন্ধী দিৱস। ১৯৯২ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৪৭/৩ নং প্ৰস্তাৱৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিবন্ধী দিৱস বাৰ্ষিক উদযাপন ঘোষণা কৰা হৈছিল। এই বিশেষ দিৱসটো পালনৰ লক্ষ্য হৈছে অক্ষমতাৰ বিষয়সমূহৰ বিষয়ে বুজা-বুজি বৃদ্ধি কৰা আৰু বিশেষভাৱে সক্ষম লোকসকলৰ মৰ্যাদা, অধিকাৰ আৰু কল্যাণৰ বাবে সমৰ্থন সংগঠিত কৰা। এই বৰ্ষৰ বিশ্ব প্ৰতিবন্ধী ব্যক্তি দিৱসৰ মূল বিষয়বস্তু হৈছে–“প্ৰতিবন্ধী ব্যক্তিসকলৰ বাবে, তেওঁলোকৰ সৈতে আৰু তেওঁলোকৰ দ্বাৰা বহনক্ষম উন্নয়নৰ লক্ষ্যৰ বাবে একত্ৰিত হোৱা”। সেই উপলক্ষে ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধী লোকৰ অন্যতম বৃহৎ সংগঠন প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ উদ্যোগত আৰু বৰলুইত ন্যাসৰ সহযোগত দেওবাৰে মহানগৰীৰ দীঘলীপুখুৰী পাৰত থকা লক্ষ্মীৰাম বৰুৱা সদন প্ৰেক্ষাগৃহত উদযাপিত হ’ল বিশ্ব প্ৰতিবন্ধী দিৱস। অনুষ্ঠানৰ আৰম্ভণি ঘটে প্ৰতিবন্ধী লোকসকলৰ এক শান্তি সমদলেৰে।

সংগঠনটোৰ প্ৰায় ৫ শতাধিক সদস্যই দীঘলীপুখুৰীৰ পাৰত প্ৰতিবন্ধী দিৱস উপলক্ষে উলিয়াই এক বিশাল সমদল। ইয়াৰ পিছতেই আয়োজিত মূল অনুষ্ঠানত দৃষ্টিহীন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে পৰিৱেশন কৰে সমবেত সংগীত। ইয়াৰ পিছতেই ২০২২ আৰু ২০২৩ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ বিশেষভাৱে সক্ষম ৫০ গৰাকী শিক্ষাৰ্থীক জনোৱা হয় সম্বৰ্ধনা।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডা° হিতেশ বৰুৱা, ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, জ্যেষ্ঠ চিকিৎসক ডা° জোনামণি বৰগোঁহাইকে ধৰি বহুকেইজন গণ্য মান্য ব্যক্তি। অতিথিসকলে শিক্ষাৰ্থীসকলক একাদিক্ৰমে একোখনি ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে আৰু উপস্থিত শিক্ষাৰ্থীসকলক সম্বোধি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ উদ্যোক্তা তথা প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমৰ সম্পাদক নৃপেন মালাকাৰে কয় যে, বিগত ৮ বছৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমে ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধী লোকৰ ন্যাৰ্য প্ৰাপ্য, অধিকাৰ, সুৰক্ষাৰ বাবে এক গণতান্ত্ৰিক সংগ্ৰাম কৰি আহিছে। বিভিন্ন সময়ত নিজৰ প্ৰাপ্য বিচাৰি যাওতে আৰক্ষীৰ লাঠিৰ কোব খাবলগীয়াও হৈছে। তথাপি প্ৰতিবন্ধীসকলৰ একতা আৰু দৃঢ়তাই আমাৰ উমৈহতীয়া লক্ষ্যস্থানত উপনীত কৰাত সদায় সহায় কৰি আহিছে। আগন্তুক দিনত ৰাজ্যৰ হাজাৰ হাজাৰ প্ৰতিবন্ধী শিক্ষাৰ্থীৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি শৈক্ষিক, সামাজিক দিশত উত্তৰণৰ বাবে বিভিন্ন কাৰ্যসূচীৰ পৰিকল্পনা কৰা হৈছে। কিন্তু যদিহে চৰকাৰে প্ৰতিবন্ধীসকলৰ পেঞ্চন, চাকৰি আদি প্ৰাপ্য দাবীসমূহৰ প্ৰতি সদিচ্ছা প্ৰকাশ নকৰে তেন্তে আগন্তুক দিনত ৰাজপথ কঁপাব ৰাজ্যৰ লক্ষাধিক প্ৰতিবন্ধীয়ে।' আনহাতে অনুষ্ঠানৰ উদ্যোক্তা তথা বৰলুইত ন্যাসৰ ন্যাসৰক্ষী দিপাংকৰ কলিতা আৰু পংকজ মেধিয়ে কয় যে,প্ৰতিবন্ধীসকলৰ বাবে পালিত এই বিশেষ দিনটোত তেওঁলোকৰ বাবে এটি অনুষ্ঠান আয়োজন কৰিবলৈ পোৱাটো সৌভাগ্যৰ কথা।

বিভিন্ন সময়ত বহু সা-সুবিধাৰ পৰা বঞ্চিত,অৱহেলিত প্ৰতিবন্ধীসকলক সৰ্বদিশতে উৎকৰ্ষ সাধনৰ বাবে বৰলুইতে আগন্তুক দিনত কাম কৰি যাব। তাৰে অংশস্বৰূপে বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে জীৱনৰ দুটা গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হোৱা বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলক অকনমান উৎসাহ যোগোৱাৰ অৰ্থে এই অনুষ্ঠান আয়োজন কৰা হৈছে।’ উল্লেখ্য যে, যোৱা ২০১৭ চনৰ পৰা প্ৰতিবছৰে প্ৰতিবন্ধীসকলৰ বাবে থকা এই দিনটো বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰি আহিছে প্ৰতিবন্ধী সুৰক্ষা সংস্থা,অসমে। এই যাত্ৰাত এতিয়াৰে পৰা বৰলুইত ন্যাসো অংশীদাৰ হোৱা বুলি সদৰী কৰে উদ্যোক্তাসকলে।

Leave A Reply