Breaking

নলবাৰীৰ ভিন্ন ঠাইত বিশ্ব পৰিবেশ দিৱস উদযাপন

0 521

আজি বিশ্ব পৰিবেশ দিৱস  । সেই উপলক্ষে আজি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈ বিশ্ব পৰিবেশ দিৱস।  সেইমৰ্মে পশ্চিম নলবাৰী ৩০(২) দক্ষিণ পকোৱা গাওঁ পঞ্চায়ত  জাগাৰাত বিশ্ব পৰিবেশ দিৱস  উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । এই কাৰ্যসূচীত উপস্থিত থাকে পঞ্চায়ত খনৰ সভাপতি অজিত বৈশ্য,সচিব ভবানী ভট্ট,আঞ্চলিক সদস্য গীতা ডেকা,১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোকুল ডেকা সহ প্ৰমুখ্যে বহু কেইগৰাকী ব্যক্তি উপস্থিত থাকে  । আনহাতে পশ্চিম নলবাৰীৰ দাৰিকা নাথ লক্ষ্মীপ্ৰিয়া হাইস্কুল,জাগাৰাত এন এ.এ.পি.আই.এ. ৰ উদ্যোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বৃক্ষৰোপণ আৰু অনলাইন যোগ অনুশীলনৰ কাৰ্যসূচী পালন কৰা হয়  । এই কাৰ্যসূচীত উপস্থিত থাকে নলবাৰী  এন.এ.এ পি.আই.এ ৰ পংকজ বেজবৰুৱা আৰু বিদ্যালয়খনৰ কৰ্তৃপক্ষ । তদুপৰি বিশ্ব পৰিবেশ দিৱস উপলক্ষে সম্পূৰ্ণ কোভিড প্ৰটোকল মানি নলবাৰীৰ ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ সহযোগত বিশ্ব হিন্দু পৰিষদ নলবাৰী সমিতিয়ে সামাজিক ক্ষেত্ৰ খনৰ লগত জৰিত বিশিষ্ট ব্যক্তি সকলৰ দ্বাৰা বৃক্ষৰোপণ আৰু আৰ্থিক ভাৱে কিছু অনগ্ৰসৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে  । এই কাৰ্যসূচী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ নলবাৰী বিভাগ প্ৰচাৰক জ্ঞানমোহন মণ্ডল, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ জাপাৰকুছি শাখাৰ ভবেশ বৰ্মন, বিশ্ব হিন্দু পৰিষদ নলবাৰীৰ উপ সভাপতি অজিত শৰ্মা, আন্তঃৰাষ্ট্ৰীয় কংফু খেলুৱৈ ধৰ্মেশ্বৰ হালৈ সহ সংঘৰ বিষয়ববীয়া-সদস্য সকলৰ লগতে প্ৰমুখ্যে বহু কেইজন ব্যক্তি উপস্থিত  ।

Leave A Reply