Breaking

গোগামুখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত বিশ্ব মীন দিৱস পালন ! ৫০ গৰাকী কৃষকক উন্নত প্ৰজাতিৰ পোনা মাছ বিতৰণ…

0 47

বিশ্ব মীন দিৱসৰ লগত সংগতি ৰাখি  আজি ধেমাজি জিলাৰ গোগামুখ দিৰপাই চাপৰিস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আই চি এ আৰতো  বিশ্ব মীন দিৱস পালন কৰা হয় ৷ গৱেষণা প্ৰতিষ্ঠানৰ নিজা  সভাকক্ষত অনুষ্ঠিত হোৱা উক্ত মীন দিৱসত অংশগ্ৰহণ কৰিবলগা ব্যক্তি সকলৰ নাম পঞ্জীয়ন কৰা হয় ৷ পঞ্জীয়নৰ অন্তত আই চি এ আৰৰ থিম গীতটো সকলোকে বজাই শুনোৱা হয়। অনুষ্ঠানত আদৰণি ভাষণ দিয়ে গোগামুখস্থিত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত বিষয়া তথা মুখ্য বিজ্ঞানী ড° লুহিত কুমাৰ বৈশ্যই ৷

বিশ্ব মীন দিৱস সম্পৰ্কে ভাষণ প্ৰদান কৰে আই চি এ আৰৰ মুখ্য বিজ্ঞানী ড° দীপজ্যোতি বৰুৱাই ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে গোগামুখ ৰাজহ চক্ৰৰ চক্ৰ ৱিষয়া কুলজিৎ  পাদুন মিচিং স্বায়ত্তশাসিত পৰিষদৰ  সাধাৰণ সদস্য ৰাজু পেগু আদিয়ে ৷

অনুষ্ঠানত ‘উত্তৰ-পূব ভাৰতৰ অঞ্চলত খাদ্য সুৰক্ষাৰ বাবে বহনক্ষম জলজ কৃষি উন্নয়ন’  কৰ্মশালা এখন অনুষ্ঠিত হয় ৷ উক্ত কৰ্মশালা পৰিচালনা কৰে মুম্বাইস্থিত  আই চি এ আৰ মীন বিভাগৰ মুখ্য বিজ্ঞানী ড° দেৱজিৎ শৰ্মাই ৷ অনুষ্ঠানত স্থানীয় ৫০ গৰাকী কৃষকক উন্নত মানৰ মাছৰ পোনা আই চি এ আৰৰ পৰা অনুদান দিয়া হয় ৷ অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই গোগামুখস্থিত আই চি এ আৰৰ মুখ্য পশু বিজ্ঞানী ড° আমজাদ কে বালাঙে ৷

Leave A Reply