Breaking

বঢ়মপুৰত বিশ্ব ফুটবল দিৱস উদযাপন…

0 40

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰৰ থগী সূত ক্ৰীড়া প্ৰকল্পত পালন কৰা হয় বিশ্ব ফুটবল দিৱস। ১৯২৪ চনৰ ২৫ মে’ত বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া অনুষ্ঠান অলিম্পিকত ফুটবল অন্তৰ্ভুক্ত হোৱা শত বছৰ গৰকিলে। এই শতবর্ষ গৰকা দিনটোতে ৰাষ্ট্ৰসংঘই ফুটবলক ‘বিশ্ব ফুটবল দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ এই ঘোষণাই উৎফুল্লিত কৰিছে ফুটবলপ্ৰেমী সকলক। উল্লেখ্য যে, বঢ়মপুৰ শ্বহীদ থগী সূত ক্ৰীড়া প্ৰকল্পত আয়োজিত এই বিশ্ব ফুটবল দিৱসত নাইজেৰিয়াৰ সুদক্ষ ফুটবল খেলুৱৈ Olanrewaju Abedemi Faniyan ওৰফে কাবুকিয়ে উপস্থিত থাকি ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

বঢ়মপুৰ ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক প্লাৱন বৰুৱাই আৰম্ভণিতে ফুটবল দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে বঢ়মপুৰ অঞ্চলৰ লগতে কাষৰীয়া অঞ্চল সমূহৰ পৰা ভাল ফুটবল খেলুৱৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত ভালে কেইগৰাকী ক্ৰীড়া সংগঠক উপস্থিত থকাৰ উপৰিও ফুটবলৰ উপৰি ক্ৰিকেট, বেডমিণ্টন প্ৰশিক্ষণ গ্ৰহণ কৰি থকা খেলুৱৈসকল, তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকি ফুটবল দিৱসটো সাফল্যমণ্ডিত কৰে। ফুটবল দিৱসত নগাঁৱৰ চিকিৎসক তথা ক্ৰীড়া সংগঠক ডা: মুকুট গোস্বামী, ডা: জয়ন্ত বৰুৱা, মৃনাল কুমাৰ বৰা উপস্থিত থাকি খেলুৱৈসকলক উৎসাহিত কৰে। ফুটবল দিৱসত নাইজেৰিয়াৰ ফুটবল প্ৰশিক্ষক কাবুকিক বঢ়মপুৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

Leave A Reply