Breaking

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ বিশ্ব ৰেডক্ৰছ দিৱস পালন, ক’ভিড-১৯ ৰ মহামাৰীৰ বাবে পালন বিশ্ব ৰেডক্ৰছ দিৱস।

0 2,086

ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাই আজি মঙলদৈত থকা ৰেডক্ৰছ কাৰ্যালয়ত বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। ৰাতিপুৱা ভাৰতীয় ৰেডক্ৰছ ছোচাইটীৰ পতাকা উত্তোলন কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটীৰ অধ্যক্ষ গোবিন্দ উপাধ্যায়ে,ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি ডোনাল্ড ৰ প্ৰতিচ্ছবি ত মাল্যাৰ্পণ কৰে দৰং জিলা ৰেড ক্ৰছৰ সম্পাদক হৰি চন্দ্ৰ শৰ্মাই, ৰেড ক্ৰছৰ জন্মদাতা জন হেনৰি ডোনাল্ড ৰ জন্ম দিনত সমগ্ৰ বিশ্বতে ৮ মে’ দিনটো বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে পালন কৰিি আহিছে বিশ্ব ৰেডক্ৰছ দিৱস উপলক্ষে । বিশ্ব ৰেডক্ৰছ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটী ৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, দৰং জিলাৰ বিশিষ্ট সাংবাদিক তথা ৰেড ক্ৰছৰ আজিবন সভ্য মুকুট ৰাজ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ যুৱ সংগঠক নিৰঞ্জন শইকীয়া, সমাজকৰ্মী শেখৰ মজুমদাৰ, দৰং জিলা ৰেডক্ৰছৰ ছোচাইটিৰ যুৱ সংগঠক দিব্যজ্যোতি ডেকা, স্বেচ্ছাসেৱক হৃদয় শৰ্মা,নিপন ডেকা। ৰেডক্ৰছ দিৱস উপলক্ষে আজি মঙলদৈ ত জনসাধাৰণৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে।

Leave A Reply