Breaking

নগাঁৱত ‘বিশ্ব মানসিক স্বাস্থ্য দিৱস’ উদযাপন

0 90

সমগ্ৰ বিশ্বৰ লগতে আজি নগাঁও জিলাতো বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়। সেই উপলক্ষে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ উদ্যোগত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মানসিক স্বাস্থ্য দিৱসটি উদযাপন কৰা হয়।

পুৱা ৯:৩০ বজাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প্ৰাংগনৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা হয় এটি সজাগতা মুলক শোভাযাত্ৰা । উক্ত শোভাযাত্ৰাটি আনুষ্ঠানিকভাৱে মুকলি কৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ভূপেন বৰাই ৷

তেওঁক সহযোগিতা আগবঢ়াই বিপি চিভিল হাস্পতালৰ মানসিক ৰোগ বিভাগৰ চিকিৎসক ডাঃ জিয়াউদ্দিন আহমেদে । শোভাযাত্ৰাটিত ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অধ্যয়নৰত এ এন এম এম আৰু জি এন এম নাৰ্ছ-মানসিক ৰোগ বিভাগৰ মনোৰোগ বিশেষজ্ঞা সকল- বিষয়া-কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে ৷

ইয়াৰ পাছতে দুপৰীয়া ১২ বজাত জিলা আইন সেৱা প্ৰাধিকৰণ নগাঁও আৰু মানসিক ৰোগ বিভাগৰ যৌথ উদ্যোগত ড° এ পি জে আব্দুল কালাম একাডেমি ৰাঙলুত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

উক্ত সজাগতা সভাখনিত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকি নগাঁও নগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা মনিকা মিছঙে উপস্থিত ছাত্ৰছাত্ৰী সকলৰ লগতে ৰাইজৰ সন্মুখত মানসিক ৰোগী সকলক উদ্দেশ্যি এক সাবলীল ব্যাখ্যা আগবঢ়াই । সজাগতা সভাখনিত নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ মনোৰোগ সমাজ-সেৱিকা মনিমালা বৰাই

আজিৰ সমাজত মানসিক ৰোগী সকলে ভুগি অহা বিভিন্ন সমস্যা ৰাজিৰ ওপৰত আলোকপাত কৰি মানসিক ৰোগী সকলৰ বিভিন্ন দিশ সমূহৰ ওপৰত এটি চমু ভাষণ প্ৰদান কৰে ৷ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ
জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ নৈদানিক মনোবিজ্ঞানী গীতামনি বৰুৱাই বিভিন্ন প্ৰকাৰে মানুহ হীনমান্যতাত ভূগিব পাৰে বুলি উল্লেখ কৰি জনসাধাৰণ সতৰ্ক হ’লে ইয়াৰ প্ৰতিকাৰো হয় বুলি মতপ্ৰকাশ কৰি তেওঁ এক তথ্য সমৃদ্ধ মনোগ্ৰাহী ভাষণ প্ৰদান কৰে ৷

এই অনুষ্ঠানত উপস্থিত থাকি মানসিক ৰোগীসকলৰ আইনী উৎকৰ্ষ সাধন সম্পৰ্কত এক সাবলীল ভাষণ প্ৰদান কৰে জিলা আইন সেৱা প্ৰাধিকৰণৰ ডেপুটি লিগেল ডিফেঞ্চ কাউন্সিলৰ বুলবুলি শৰ্মাই ৷

কঠিয়াতলী তথা ৰাঙলুৰ বিশিষ্ট সমাজ সেৱক,শিক্ষাবিদ ঘনকান্ত বৰাই আতঁধৰা সজাগতা সভাখনিত ৰাঙলু শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শিক্ষাবিদ নজিবুৰ ৰহমান, ড° এ পি জে আব্দুল কালাম একাডেমিৰ পৰিচালনা সমিতিৰ সভাপতি আবু বক্ৰৰ ছিদ্দিক, বিদ্যালয়ৰ প্ৰধান শিক্ষক গুলজাৰ হুছেইন,জিলা মানসিক স্বাস্থ্য প্ৰকল্পৰ তথ্য সংগ্ৰাহক অবনিতা বৰা,জিলা আইন সেৱা প্ৰাধিকৰণৰ কৰ্মকৰ্তা দ্বীপেন শইকীয়া,ৰিয়াজুল হুছেইনকে প্ৰমুখ্যে কৰি বিদ্যালয়ৰ অন্যান্য শিক্ষক-শিক্ষয়িত্ৰী সকলৰ লগতে প্ৰায় শতাধিক লোকে অংশগ্ৰহণ কৰে ।

Leave A Reply