Breaking

বিশ্ব জলাতংক দিৱস৷ বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত পশুপালন বিভাগ আৰু স্বাস্থ্য বিভাগ যুটীয়া ভাৱে আয়োজন কৰিলে বিনামুলীয়া এন্টি ৰেবিজ ভেকচিন কেম্প

0 588

আজি বিশ্ব জলাতংক দিৱস৷বিশ্ব জলাতংক দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিত পশুপালন বিভাগ আৰু স্বাস্থ্য বিভাগ যুটীয়া ভাৱে আয়োজন কৰিলে বিনামুলীয়া এন্টি ৰেবিজ ভেকচিন কেম্প আৰু সজাগতা সভা৷ বিশ্বনাথ চাৰিআলিৰ লেহুগাওস্থীত পশু চিকিৎসালয়ত  ১৫০ টাকৈ কুকুৰ আৰু মেকুৰীক এন্টি ৰেবিজ ভেকচিন প্ৰদান কৰা হয়৷ লগতে কুকুৰ-মেকুৰীৰ চিকিৎসাৰ লগত জড়িত পশুপালন বিভাগৰ কৰ্মচাৰী সকলকো ভেকচিন প্ৰদান কৰা হয়৷ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোক সকলে নিজৰ নিজৰ পোহনীয়া কুকুৰ-মেকুৰীক ভেকচিন দিয়াই৷ ভবিষ্যত দিনত জলাতঙ্ক ৰোগটো সম্পূৰ্ণকৈ নিৰ্মূল কৰাৰ উদ্দেশ্যে এনেধৰনৰ পদক্ষেপ গ্ৰহন কৰা হৈছে৷

উল্লেখ্য যে একাংশই নিজৰ মৰমৰ কুুকুৰটোক গাড়ীত উঠাই অনাৰ বিপৰীতে আন একাংশই মটৰ চাইকেলতে বহাই আনিছে মৰমৰ কুকুৰটোক৷ কুকুৰৰ উপৰিও বহুতে নিজৰ পোহনীয়া মেকুৰী আনিছে ভেকচিন দিবলৈ। পোহনীয়া কুকুৰ মেকুৰীৰ উপৰিও ষ্ট্ৰীট গ’ড সমূহকো অনা হৈছে দিয়া হৈছে ভেকচিন৷ বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে উপস্থিত থকা অনুষ্ঠানটোত জলাতঙ্ক ৰোগ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত হয়৷

Leave A Reply