Breaking

বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱা ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন…

0 23

২১ মে’ ৰ দিনটোত বিশ্ব বিশ্ৰুত সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ ১৭৪ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়। এই উপলক্ষে উত্তৰ গুৱাহাটী ৰজাদুৱৰাত অৱস্থিত “আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ” মুখ্য কাৰ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত পৌৰোহিত্য কৰে সংস্থাৰ সভাপতি তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৱে। শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে অচিৰেই আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাক ৰাজ্যৰ এখন উচ্চ শিক্ষাপ্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হ’ব।

অনুষ্ঠানত উপস্থিত থাকি ঋষি অৰবিন্দ ৰামকৃষ্ণ পৰমহংস আৰু স্বামী বিবেকানন্দৰ একান্ত অনুৰাগী তথা ভাৰতীয় জ্ঞান পৰম্পৰাৰ পণ্ডিত দিগন্ত বিশ্ব শৰ্মাই আবিলেকৰ বছৰেকীয়া গবেষণা পত্ৰ “আনন্দম” উন্মোচন কৰে। ইফালে, আনন্দৰাম বৰুৱাৰ ওপৰত বক্তৃতা প্ৰদান কৰে শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড’মণি শৰ্মাই। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে আবিলেকৰ সঞ্চালক ড’ সুদেষ্ণা ভট্টাচাৰ্য্যই।

Leave A Reply