Breaking

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা পাকিস্তানে আঁতৰি থকাতো নিশ্চিত কৰিছে আইচিচিয়ে

0 68

পাকিস্তান দলে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ খেলাৰ সপোন এইবাৰ পূৰণ নহ’ব। পাকিস্তান ক্ৰিকেট দলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰৰ পৰা বাহিৰ হৈছে পাকিস্তান দল। এই কথা আনুষ্ঠানিকভাৱে নিশ্চিত কৰি আইচিচিয়ে কয় যে পাকিস্তানৰ দলটো ডব্লিউটিচিৰ ফাইনেলৰ দৌৰৰ বাহিৰত।

শেহতীয়াকৈ পাকিস্তানে নিজৰ ঘৰতে ইংলেণ্ডৰ হাতত ৩-০ গ’লত টেষ্ট শৃংখলাৰ পৰাজয়ৰ সন্মুখীন হৈছিল। এই পৰাজয়ৰ বাবে দলটোৱে ডব্লিউ টি চিৰ পইণ্ট টেবুলত বহু ক্ষতিগ্ৰস্ত হৈছিল।

শেহতীয়াকৈ পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলা তিনিখন খেল খেলিছিল। এই শৃংখলাত পাকিস্তান দলে ঘৰুৱা ক্ষেত্ৰত ইংলেণ্ডৰ হাতত ৩-০ গ’লত পৰাস্ত হয়। এই শৃংখলাত ইংলেণ্ডৰ বিৰুদ্ধে এখনো মেচত জয়ী হ’ব নোৱাৰি পাকিস্তানে ক্লীন ছুইপৰ সন্মুখীন হ’বলগীয়া হ’ল।

বৰ্তমান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত সপ্তম স্থানত আছে পাকিস্তান দলটো। ২০২১-২৩ বৰ্ষত এতিয়ালৈকে মুঠ ১৩খন খেল খেলিছে দলটোৱে। এইবোৰত পাকিস্তান দলে ৪খন মেচত জয়লাভ কৰাৰ বিপৰীতে ৬খন মেচত পৰাজয়ৰ সন্মুখীন হৈছে। পাকিস্তান দলেও ৩খন মেচত ড্ৰ’ কৰিছে। এই পইণ্ট টেবুলত বৰ্তমান পাকিস্তান দলটোৱে ৩৮.৪৬ শতাংশ নম্বৰ লাভ কৰিছে।

Leave A Reply