Breaking

হালোৱাটিং, বৰছিলা দৈনিক হাট-বজাৰৰ দুৰৱস্থা : জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি

0 26

গেলেকী : জনস্থাস্থ্যৰ প্ৰতি চৰম ভাবুকি বৰছিলা দৈনিক বজাৰৰ। নাজিৰা মহকুমা সীমান্তৱৰ্তী আমগুৰি ৰাজহ চক্ৰৰ অধীনস্থ এখন দৈনিক বজাৰ বৰছিলা হাট-বজাৰ। অসম-নগালেণ্ড সীমান্তৱতী অঞ্চল বৰছিলাস্থিত এই বজাৰখন প্ৰায় কুৰিখন ৰাজহ গাঁও আৰু কেইবাখনো চাহ বাগিচাৰ ৰাইজৰ একমাত্ৰ ব্যৱসায় স্থল। জনসংখ্যা বৃদ্ধিৰ অনুপাতে এই বজাৰখনৰো ক্ৰেতা-বিক্ৰেতাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ সেই অনুপাতে বৃদ্ধি পোৱা নাই বজাৰখনৰ উন্নয়ন৷ বজাৰ গৃহৰ অভাৱত বেপাৰী সকলে মুকলি আকাশৰ তলতে বস্তু বিক্ৰী কৰে। যাৰ ফলত তেওঁলোকৰ সময়ে-সময়ে বেয়া বতৰৰ কাৰনে সামগ্ৰী তথা লোকচানৰ সন্মুখীন হোৱাৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। বজাৰখনত নাই এটা প্ৰেসাৱঘৰ, নাই বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, বৰষুণৰ বতৰত বজাৰৰ ভিতৰত একাঠু বোকা হয়৷ চৰকাৰে এই বজাৰখনৰ পৰা এটা মোটা অংকৰ ধন ৰাজহ হিচাপে লয়। যদিও বজাৰখনৰ উন্নয়নৰ কাৰণে আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা ৰাইজৰ দৃষ্টিগোচৰ হোৱা নাই। সেয়েহে স্থানীয় ৰাইজে বৰছিলা দৈনিক বজাৰৰ কৰ্দযৰূপ আঁতৰাই  উন্নয়নৰ কাৰণে অসম চৰকাৰক পদক্ষেপ লোৱাৰ ৰাইজে দাবী তোলিছে।

Leave A Reply