Breaking

পুৰুষ দিৱসৰ দিনা এজন পুৰুষৰ জীৱন পৃষ্ঠাৰ লিখনি…

0 155

আজি আমালৈ বুলি…★ “ভাই ৰাতি পঢ়া নহ’ল, পৰীক্ষাত অলপ চাই দিবি না” বুলি শুনাৰ পিছত কপট ভাৱ নাৰাখি একেলগে পৰীক্ষা লিখি পাছ-ফেইল কৰা জাতিটো পুৰুষ। ঈৰ্ষাপৰায়ণ স্বভাৱে ঠাই পালে তেওঁ পুৰুষ নহয়।

★ দিনটোত ঠাট্টা, মস্কৰা, কাজিয়া, মনোমালিন্য বা শত্ৰুতা হ’লেও বিপদত পৰিলে দৌৰি অহা জাতিটো পুৰুষ। জন্মৰপৰা বৃদ্ধলৈকে মলিনতা নৰখা জাতি।

★ ৰেপ-ম’লেষ্ট, চেক্সুৱেলী হাৰেষ্ট, প্ৰতাৰণা কৰা পুৰুষক সকলোৱে হাইলাইট কৰে। কিন্তু আন্ধাৰত স্পৰ্শ নকৰাকৈ মহিলাক ৰাস্তা পাৰ কৰাই দিয়া, কাৰোবাৰ ঢাল হিচাপে জীৱন কটোৱা ইত্যাদি প্ৰচাৰ নহয়।

★ আইৰ বাবে কোটি কোটি কবিতা, লাখ লাখ শুভেচ্ছা। এটি সবল যোজনকোষৰ বিকাশত পুৰুষৰ ভূমিকা তথা নিজৰ সৰ্বস্ব এৰি সন্তানৰ চিন্তা কৰা দেউতাৰ বাবে কিবা এষাৰি লিখিছোঁ জানো! কোনো আপত্তি নাই, পুৰুষ যে… পুৰুষ এটুকুৰা শিল কত গেদ পৰে কত শেলাই গজে কতবাৰ ভাঙি বালি হয় শিল তথাপি নিঃশেষ নহয় ।

হাজাৰ শত্ৰুতা হ’লেও পুৰুষ মিলি যায়, কঠিন বুলি আলোচিত পুৰুষৰ হৃদয় মখমলৰ দৰেই কোমল । ক’ৰবাত পাইছিলো , নাৰী, শিশু আৰু কুকুৰে চৰ্তহীনভাৱে মৰম পায়, কিন্তু এজন পুৰুষক যোগ্যতাৰ ওপৰত ভিত্তি কৰিহে মৰম কৰা হয়। ত্যাগ স্বীকাৰ কৰক , শাৰীৰিক-মানসিকভাৱে কৰা ত্যাগৰ বাবে আয়ুসো কমি যায়, তথাপি পুৰুষ দিৱসত পুৰুষেই ৰচনা লিখিব লাগিব । আমি আমাক জানো, বুজো আৰু অনুভৱ কৰিব পাৰো।

লেখক : ৰক্তিম ৰঞ্জন তালুকদাৰ

Leave A Reply