Breaking

য়াছৰ আতংক:কলকাতাৰ বিমান বন্দৰত বিমান চলাচল বাতিল, উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল

0 2,042

ভূৱনেশ্বৰৰ বিজু পাটনায়ক আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ঝাৰচুগুড়া বিমানবন্দৰ মঙলবাৰে নিশা ১১ বজাত বন্ধ আছিল আৰু বৃহস্পতিবাৰে পুৱা ৫ বজালৈকে বন্ধ থাকিব। ঘূৰ্ণীবতাহৰ বাবে আজি দুৰ্গাপুৰ আৰু ৰাউৰকেলা বিমানবন্দৰত সকলো বিমান চলাচল স্থগিত ৰখা হ’ব। বুধবাৰে পুৱা ৮.৩০ বজাৰ পৰা সন্ধিয়া ৭:৪৫ বজালৈ কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিমান চলাচল বাতিল কৰা হ’ব। আনহাতে, ৰে’লৱেই উৰিষ্যা-বংগৰ সকলো ৰে’ল বাতিল কৰিছে।বতৰ বিভাগৰ মতে, অতি তীব্ৰ ঘূৰ্ণীবতাহ য়াছ বালাচোৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত অৱস্থিত। দুপৰীয়াৰ ভিতৰত, ঘূৰ্ণীবতাহে ধামৰাৰ উত্তৰে আৰু বালাচোৰৰ দক্ষিণে উত্তৰ উৰিষ্যা-পশ্চিম বংগ উপকূল অতিক্ৰম কৰিব। এই সময়ছোৱাত, বতাহৰ গতিবেগ হ’ব প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ । ইতিমধ্যে উৰিষ্যা-বংগত তীব্ৰ বৰষুণ দিয়া বুলি জানিব পৰা গৈছে।

Leave A Reply