Breaking

কাল ব’হাগীৰ বৰদৈচিলাই বিস্তীর্ণ কৰিলে লাহৰীঘাটৰ বিভিন্ন অঞ্চল

0 1,110

মৰিগাঁও জিলাৰ সাহস বিভিন্ন গাঁৱত নিশা প্ৰচণ্ড ধুমুহাৰ লগতে মুষলধাৰ বৰষুণৰ ফলত তচনচ কৰিলে বহু গছ বৃক্ষৰ লগতে উৰুৱাই নিলে বহু ঘৰৰ টিনপাত।মৃত্যুক আকোঁৱালি ললে লাহৰীঘাটৰ মৰিতলী গাঁৱৰ ৪ সন্তানৰ পিতৃ শ্বহিদুল ইছলামে। নিশা প্ৰায় ৯ . ৪০ মিনিটৰ পৰা আৰম্ভ হোৱা প্ৰচণ্ড ধুমুহাৰ লগতে মুছলধাৰ বৰষুণৰ ফলত কঁঠাল গছ, আমগছ, তামোল গছ, কলগছ আদি উভালি পৰা, ডাল ভঙাৰ পৰা আদি কৰি বিজুলী তাঁৰ ছিঙা, মানুহৰ ঘৰৰ বেৰৰ লগতে মুদচৰ টিনপাত আদিও উৰুৱাই নি সমগ্র অঞ্চলত বিস্তৰ ক্ষতি সাধন হোৱা পৰিলক্ষিত হয়।

ৰজাগাধোৱা গাঁও পঞ্চায়তৰ, লাহৰীঘাট গাঁও পঞ্চায়তৰ লগতে বাকি কেবাটাও গাঁও পঞ্চায়ততো বহু ক্ষয়ক্ষতি হোৱাৰ কথা জানিব পৰা গৈছে।

Leave A Reply