Breaking

দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীত যোগ শিবিৰ সম্পন্ন

0 2,026

সদৌ অসম যোগ মহাসংঘ আৰু পতঞ্জলী যোগপীঠ হৰিদ্বাৰৰ যৌথ প্ৰচেষ্ঠাত আৰু স্থানীয় ‘জাগৰণ’ শোণিতপুৰৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক আৰু প্ৰচাৰক নিৰঞ্জন গগৈয়ে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক দুদিনীয়া যোগ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে। দুদিনীয়া কৰ্মশালাত ক আৰু খ শাখাত মুঠ এশগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থীৰ মাজত যোগাসনৰ এক প্ৰতিযোগীতা অনুষ্ঠিত হয়। ইয়াৰে দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু  বাকী অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীকো অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ বন্তী প্ৰজ্বলনেৰে আৰম্ভ হয়। বন্তী প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী ভানু বৰাই। অনুষ্ঠানত বিশ্বনাথ জিলাৰ যোগ প্ৰভাৰী শিব প্ৰসাদ শইকীয়া, জাগৰণৰ সভআপতি ৰঞ্জিত বৰা, স্থানীয় জীতেন শইকীয়া উপস্থিত থকাৰ বিপৰীতে দ্বিতীয় দিনাৰ কাৰ্যসূচী উদ্ধোধন কৰে অৱসৰী শিক্ষয়িত্ৰী গীতাঞ্জলী মহন্থই। জাগৰণত সমূহ উদ্যোক্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত যোগাসনৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়

Leave A Reply