Breaking

অভিযোগ প্ৰমাণিত হ’লে মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু যোগগুৰু বাবা ৰামদেৱ

0 140

স্বঘোষিত যোগগুৰু বাবা ৰামদেৱৰ পুনৰ বিতৰ্ক। ‘কৰ’না ঔষধ’ হওক বা আয়ুৰ্বেদিক বনৌষধি হওক, ৰামদেৱৰ আয়ুৰ্বেদিক কোম্পানী ‘পতঞ্জলি’ৰ বিভিন্ন সামগ্ৰীয়ে বিভিন্ন সময়ত বিতৰ্কৰ সৃষ্টি কৰিছে। ইয়াৰ পূৰ্বে বিজ্ঞাপন প্ৰচাৰত ‘ভুল বাৰ্তা’ দিয়াৰ বাবে আদালতত গোচৰ ৰুজু হৈছিল। এইবাৰ উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ পিছত ৰামদেৱেও প্ৰতিপক্ষৰ প্ৰত্যাহ্বান আৰম্ভ কৰিছে। তেওঁৰ সংগঠনৰ বিৰুদ্ধে মিছা প্ৰচাৰৰ অভিযোগ প্ৰমাণিত হ’লে তেওঁ মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু বুলি দাবী কৰে।

যোৱা ২১ নৱেম্বৰত সেই সংগঠনটোক কঠোৰ সতৰ্কবাণী দিছিল। শীৰ্ষ আদালতে কয় যে তেওঁৰ কোম্পানীয়ে বিভিন্ন ৰোগৰ নিৰাময় হিচাপে বিজ্ঞাপনত “মিছা আৰু বিভ্ৰান্তিকৰ দাবী” কৰা বন্ধ কৰিবলগীয়া হৈছে। অন্যথা ৰামদেৱৰ কোম্পানীয়ে প্ৰতিটো দাবীৰ জৰিমনা হিচাপে ১ কোটি টকা দিবলৈ সাজু হ’ব লাগে।

উচচতম ন্যায়ালয়ৰ ন্যায়াধীশ আহছানুদ্দিন অমানুল্লাহ আৰু ন্যায়াধীশ প্ৰশান্ত কুমাৰ মিশ্ৰৰ বিচাৰপীঠে ভাৰতীয় চিকিৎসা সংস্থাৰ আবেদনৰ ভিত্তিত শুনানি গ্ৰহণ কৰি আছিল। আদালতৰ মতে, ভুৱা বিজ্ঞাপন বিয়পোৱাৰ বাবে ৰামদেৱৰ কোম্পানীটোক ১ কোটি টকাৰ জৰিমনা বিহা হ’ব পাৰে। আদালতে মৌখিকভাৱে খবৰ দিয়াৰ পিছতে ৰামদেৱৰ সংগঠনটোৱে উন্মাদনাত নামি পৰে।

একাংশ চিকিৎসকে উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁৰ সংগঠনক কলংকিত কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপন কৰে ৰামদেৱে। আৰু সেইটোৱেই তেওঁলোকে অবিৰতভাৱে কৰিবলৈ চেষ্টা কৰি আছে। কেৱল তেওঁৰ সংগঠনেই নহয়, ৰামদেৱৰ দাবী, সেই চিকিৎসকসকলে আচলতে আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থাৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। ৰামদেৱৰ প্ৰতি-অভিযোগ হৈছে যে তেওঁৰ সংগঠনৰ নামত মিছা প্ৰচাৰ কৰা হৈছে।

উচ্চতম ন্যায়ালয়ৰ পৰ্যবেক্ষণ আৰু মন্তব্যৰ পিছতে উত্তৰাখণ্ডৰ হৰিদ্বাৰত এখন সংবাদমেল অনুষ্ঠিত কৰে ৰামদেৱে। তাতে স্বঘোষিত যোগগুৰুজনে ক’লে, “এতিয়া বিভিন্ন মাধ্যমত এটা খবৰ ভাইৰেল হৈছে।” অৰ্থাৎ উচ্চতম ন্যায়ালয়ে পতঞ্জলিক ধমক দিলে। উচ্চতম ন্যায়ালয়ে কয় যে, যদি মিছা অপপ্ৰচাৰ কৰা হয় তেন্তে জৰিমনা ভৰিব লাগে।”

সংবাদমেলত ৰামদেৱে দাবী কৰে যে, তেওঁলোকে কোনো মিছা কথা প্ৰচাৰ কৰা নাছিল। একাংশ চিকিৎসকে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে। তাৰ পাছত ৰামদেৱে ক’লে, “আমি যদি মিছলীয়া, তেন্তে ১০০০ কোটি টকা জৰিমনাৰ লগতে আমিও মৃত্যুদণ্ডৰ সন্মুখীন হ’বলৈ সাজু।”

Leave A Reply