Breaking

পিতৃ-মাতৃয়ে শিশুৰ ওপৰত হেঁচা প্ৰয়োগ কৰা উচিত নহয়-প্ৰধানমন্ত্ৰী মোদী

0 63

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ‘পৰীক্ষা পে চৰ্চা’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে দেশৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে। হাইস্কুল শিক্ষান্ত আৰু উচ্চতক মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰায় ৩৮ লাখ ছাত্ৰ-ছাত্ৰীৰ লগতে এই অনুষ্ঠানৰ জৰিয়তে মত বিনিময় কৰে।

পৰীক্ষাৰ সময় ছাত্ৰ ছাত্ৰী সকলে মানসিক চাপৰ পৰা মুক্তিৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুমন্ত্ৰ দিয়ে। মোডীয়ে কয় যে- ‘পৰীক্ষা পে চৰ্চা’ মোৰ পৰীক্ষা আৰু দেশৰ কোটি কোটি ছাত্ৰ-ছাত্ৰীয়ে মোৰ পৰীক্ষা লৈ আছে। এই পৰীক্ষা দি মই আনন্দ পাঁও। পৰিয়ালে নিজৰ সন্তানৰ পৰা আশা কৰা ভাল কথা, অভিভাৱকসকলে কেৱল আউট অৱ ষ্টেটাছ চিম্বলৰ আশা কৰা উচিত নহয়, বৰঞ্চ ছাত্ৰ-ছাত্ৰীৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি আশা কৰা উচিত।

মোডীয়ে কয় যে, ‘তোমালোকৰ দৰে আমাৰ ৰাজনৈতিক জীৱনতো হেঁচা পৰে। নিৰ্বাচনত ভাল ফলাফল অহাৰ পাছতো আমি আৰু ভাল আশা কৰো। চিন্তা নকৰিবা, কেৱল চাপমুক্ত আৰু আনন্দিত হৈ থাকি নিজৰ সৰ্বশ্ৰেষ্ঠ প্ৰদান কৰিবলৈ চেষ্টা কৰা আৰু পৰীক্ষাত অৱতীৰ্ণ হোৱা। যদি তোমালোকে অন্য কাৰ্যকালাপৰ প্ৰতিও গুৰুত্ব দিয়া তেন্তে এনে চাপৰ পৰা মুক্ত হ’ব পাৰিবা’।

মোডীয়ে কয় যে আত্মনিৰীক্ষণ কৰা। আমি নিজে নিজৰ সম্ভাৱনা, আকাংক্ষা, লক্ষ্যবোৰ চিনাক্ত কৰা উচিত।

সময়ৰ উচিত ব্যৱহাৰৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে ‘কেৱল পৰীক্ষাৰ বাবেই নহয়, আমি যিকোনো ধৰণে জীৱনৰ সময় ব্যৱস্থাপনাৰ বিষয়েও অৱগত হোৱা উচিত। কামত ভাগৰ নহয় সন্তুষ্টি থাকে। কাম নকৰিলেহে ভাগৰ লাগে এই ভাবি যে ইমান কাম বাকী আছে’।

স্মাৰ্টফোনৰ বিক্ষিপ্ততা সন্দৰ্ভত মোদীয়ে কয় যে গেজেটতকৈ মানুহ স্মাৰ্ট হোৱাৰ বাবে গেজেট ব্যৱহাৰকাৰীতকৈ স্মাৰ্ট বুলি চোৱাটো ভুল। দৈনিক প্ৰায় ছয় ঘণ্টা মোবাইলত সময় কটাব পৰাটো চিন্তনীয় বুলিও তেওঁ কয়।

“মই ফোন খুব কমেইহে ব্যৱহাৰ কৰো। আমি নিশ্চিত কৰা উচিত যে আমি গেজেটৰ দাস নহওঁ।”-মোদী

মোদীয়ে ছাত্ৰ-ছাত্ৰীসকলক প্ৰযুক্তি-উপবাস (গেজেটৰ পৰা বিৰত) গ্ৰহণ কৰিবলৈ কয় যাতে ইয়াৰ ব্যৱহাৰ হ্ৰাস পায়। তেওঁ তেওঁলোকক নিজৰ ঘৰত ন’-টেকন’লজি-জ’ন সৃষ্টি কৰি জীৱনটো উপভোগ কৰিবলৈ আৰু গেজেটৰ দাস হোৱাৰ পৰা নিজকে বচাবলৈ কয়।

ইয়াৰোপৰি আৰু কেইবাটাও দিশত মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। বহু ছাত্ৰ ছাত্ৰীয়ে মোডীক ভাৰ্চুৱেলী প্ৰশ্ন সোধে আৰু মোডীয়ে তাৰ উত্তৰ দিয়ে।

Leave A Reply