Breaking

যোগীঘোপাৰ বিভিন্ন গৰাখহনীয়া অঞ্চল পৰিদৰ্শন বিধায়ক প্ৰদীপ সৰকাৰৰ | ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ বিভাগীয় বিষয়াক

0 2,050

আজি বঙাইগাওঁ জিলাৰ অভয়াপুৰী দক্ষিন বিধান সভা সমষ্টিৰ অন্তৰ্গত ডুবাচুৰী, মধুফল, পাচনীয়া-মোহনপুৰ আদি নৈ-পৰীয়া অঞ্চল সমূহ পৰিদৰ্শন কৰি খহনীয়া অঞ্চলসমূহৰ পৰিস্থিতিৰ বুজ লয় স্থানীয় বিধায়ক প্ৰদীপ সৰকাৰে । লগতে সমস্যাৰ ওপৰত স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হয় বিধায়ক গৰাকীয়ে । খহনীয়া স্থলী সমুহ পৰিদৰ্শনৰ সময়ত সৃজনগ্ৰাম চক্ৰ বিষয়া শ্ৰীযুত সুভ্ৰম আদিত্য বৰা, টাপাট্টাৰী খণ্ড উন্নয়ণ বিষয়া আৰু জল সম্পদ বিভাগৰ বিষয়ববীয়া সকল উপস্থিত থাকে । উল্লেখ্য যে, অঞ্চল সমূহত আই নদী, মানাহ, বেঁকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ প্ৰৱল সোঁতে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে। অঞ্চলটোৰ নৈপৰীয়া শতাধিক পৰিয়ালৰ বাসগৃহ নৈৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত নিদ্ৰাহৰণ হৈছে পৰিয়াল কেইটাৰ । খহনীয়া অঞ্চল সমুহ পৰিদৰ্শন কৰি বিধায়ক প্ৰদীপ সৰকাৰে খহনীয়া ৰোধ কৰাৰ বাবে বিভাগীয় কতৃপক্ষক ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে । খহনীয়া প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সৰ্ব্বোতো প্ৰকাৰে সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে । ইপিনে যোগীঘোপাৰ চটপাৰাতো ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰত্যেক বছৰৰ দৰে এইবেলিও খহনীয়াৰ সৃষ্টি কৰিছে । খহনীয়াই গাওঁখনৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে । এই সময়ত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে গাওঁ খন নৈত বিলীন হোৱাৰ সম্ভাৱনাই দেখা দিছে ।

Leave A Reply