‘তুমিয়েই শ্ৰেষ্ঠ পিতৃ, তুমিয়েই শ্ৰেষ্ঠ স্বামী; তুমিয়েই মোৰ হাঁহিৰ কাৰণ’, কৰণ সিং গ্ৰ’ভাৰৰ জন্মদিনত বিপাশা বসুৰ শুভকামনা…

আজি বিপাশা বসুৰ স্বামী কৰণ সিং গ্ৰ’ভাৰৰ জন্মদিনৰ। আজি কৰণ সিং গ্ৰভাৰে ৪২ বছৰত ভৰি দিলে। এনে পৰিস্থিতিত অভিনেত্ৰীগৰাকীয়ে অতি বিশেষ ধৰণেৰে মৰমৰ স্বামীক জন্মদিনৰ শুভেচ্ছা জনাইছে। তেওঁ এটা ভিডিঅ’ শ্বেয়াৰ কৰি এটা মৰমলগা কেপচন লিখিও তেওঁ নিজৰ মৰম প্ৰকাশ কৰিছে। কেপচনত বিপাশাই লিখিছে, “জন্মদিনৰ শুভেচ্ছা মোৰ প্ৰেম, তুমিয়েই মোৰ হাঁহিৰ কাৰণ। তুমিয়েই শ্ৰেষ্ঠ পিতৃ আৰু স্বামী। আমি দুয়ো তোমাক কিমান ভাল পাওঁ মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। তোমাৰ সকলো সপোন বাস্তৱায়িত হওক।” .আমি তোমাক বহুত ভাল পাওঁ। সুস্থ হৈ থাকক, সুখী হৈ থাকক।”

কেৱল বিপাশাই নহয় কৰণ সিং গ্ৰ’ভাৰেও সদায় মুকলিকৈ প্ৰেম প্ৰকাশ কৰে। জন্মদিন হওক বা বিবাহ বাৰ্ষিকী হওক, দম্পতীহালে সদায় ইজনে সিজনৰ ওপৰত প্ৰেম প্ৰকাশ কৰে।

Related Articles