Breaking

আপুনি সকলো টকা ওঁঠত খৰচ কৰিলেঃ মাতৃৰ প্ৰচাৰ চলাবলৈ গৈ লাজৰ সন্মুখীন ড্ৰীম গাৰ্লৰ কন্যা এশা…

0 52

মাতৃ হেমা মালিনীৰ নিৰ্বাচনী প্ৰচাৰৰ কামত মথুৰালৈ গৈছিল অভিনেত্ৰী এশা দেউল। মাতৃৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ লাজত পৰিল অভিনেত্ৰীগৰাকী। কিয় জানেনে? কেতিয়াবা নাকৰ আকৃতি সলনি কৰি আৰু কেতিয়াবা ওঁঠৰ আকৃতি সলনি কৰিবলৈ ডাক্তৰৰ আশ্ৰয় লয় অভিনেত্ৰী সকলে। আনকি কিছুমানে অস্ত্ৰোপচাৰৰ দ্বাৰা নিজৰ চেহেৰা সলনি কৰা বুলিও স্বীকাৰ কৰে বহু অভিনেত্ৰীয়ে। এইবাৰো একেই ঘটনা সংঘটিত হ’ল এসা দেওলৰ সৈতে। এশাই নিজকে সুন্দৰ কৰিবলৈ ওঁঠ দুটা ডাক্তৰৰ সহায়ত সুন্দৰ কৰিলে, সেই কথা ধৰা পৰিল অনুৰাগীৰ আঘত। বহুতে অভিনেত্ৰীগৰাকীৰ পূৰ্বৰ ছবিসমূহৰ সৈতে তুলনা কৰিলে।


মথুৰা সমষ্টিত এইবাৰ বিজেপিৰ হৈ যুঁজ দিছে হেমা মালিনীয়ে। দুই ছোৱালী এশা আৰু আহানা ভোট প্ৰচাৰ কৰিবলৈ গৈছিল। প্ৰচাৰৰ অন্তত হেমাৰ দুই কন্যাই সংবাদ মাধ্যমৰ সন্মুখত মথুৰাৰ কথা ক’লে। তেতিয়াই এশাৰ ফুলি উঠা ওঁঠ দুটা বহুতৰে দৃষ্টিগোচৰ হ’ল। সেই ভিডিঅ’টোক কেন্দ্ৰ কৰি বিভিন্ন মন্তব্যৰ উন্মেষ ঘটিছে। ইতিমধ্যে নেটিজেনৰ ট্ৰলিং আৰম্ভ হৈছে।

কোনোবাই লিখিছে, “ভগৱানে জানে মানুহে নিজৰ চেহেৰাত ইমান খৰচ কিয় কৰে…” আন এজনে ক’লে, “আপুনি বেছি প্লাষ্টিক হৈ পৰিছে!” কোনোবাই লিখিছে, “তেওঁ ওঁঠত সকলো টকা খৰচ কৰিলে, মগজুত কিছু টকা খৰচ কৰিব পাৰিলেহেঁতেন”। এনে মন্তব্যৰে অভিনেত্ৰীগৰাকীক কটাক্ষ কৰিলে।


Leave A Reply