Breaking

আপুনি, মই নজনা দীপিকাৰ বহু গোপন কথা জানে স্বামী ৰণবীৰ সিঙে…

0 70

দীপিকা পাডুকনৰ প্ৰতিভাৰ বিষয়ে পৃথিৱী জানে, কিন্তু আপুনি, মই নজনা দীপিকাৰ বহু গুণৰ বিষয়ে কেৱল স্বামী ৰণবীৰ সিং আৰু তেওঁ ভগ্নীয়েহে জানে! শেহতীয়াকৈ প্ৰকাশ কৰিছে দীপিকা পাডুকনৰ সুপ্ত প্ৰতিভাৰ বিষয়ে। অভিনেত্ৰী দীপিকা এগৰাকী ভাল মিমিক্ৰী আৰ্টিষ্ট, এই বিষয়ে তেওঁৰ স্বামী ৰণবীৰ সিং আৰু তেওঁৰ ভগ্নীয়েহে জানিছিল। বলীউডৰ অভিনেত্ৰী দীপিকা পাডুকন নিজৰ অভিনয়ৰ লগতে সৌন্দৰ্য্যৰ বাবেও পৰিচিত। কিন্তু আপুনি জানেনে দীপিকা পাডুকন এগৰাকী অভিনেত্ৰীৰ উপৰিও এগৰাকী বেডমিণ্টন খেলুৱৈ লগতে এগৰাকী ভাল মিমিক্ৰী আৰ্টিষ্ট। দীপিকা পাডুকনে শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত নিজৰ সুপ্ত প্ৰতিভাৰ কথা প্ৰকাশ কৰিছে। দীপিকাৰ গোপন কথা কেৱল ৰণবীৰ সিং আৰু ভনীয়েক অনিশাইহে জানিছিল।

শেহতীয়াকৈ দীপিকা পাডুকনে ইনষ্টাগ্ৰামত টুইক ইণ্ডিয়াৰ সৈতে মত বিনিময় কৰিছিল। য’ত অভিনেত্ৰীগৰাকীয়ে কয় যে কেৱল স্বামী ৰণবীৰ সিং আৰু ভগ্নী অনিশা পাডুকনেহে তেওঁৰ অনুকৰণমূলক অভিনয় চাব ​​পাৰে। দীপিকাই লগতে ক’লে- মোৰ স্বামীৰ মতে মই এজন ভাল মিমিক্ৰী আৰ্টিষ্ট…’

দীপিকাৰ ছবিৰ কথা ক’বলৈ গ’লে অভিনেত্ৰীগৰাকীক শেষবাৰৰ বাবে শ্বাহৰুখ খানৰ পাঠান ছবিখনত দেখা গৈছিল। এতিয়া অভিনেত্ৰীগৰাকীক ঋত্বিক ৰোশনৰ সৈতে ফাইটাৰ আৰু প্ৰভাস মুভিজৰ সৈতে প্ৰজেক্ট কে ছবিত দেখা যাব।

Leave A Reply